হাফলঙত নিষিদ্ধ গধুৰ বাণিজ্যিক বাহনৰ চলাচল

🔹 ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি, ৫ মে’ত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীৰ বাবে নিষিদ্ধ ঘোষণা

নিয়মীয়া বাৰ্তা, ৪ মে’ : ডিমা হাছাও জিলাত আজি বিয়লিৰ পৰা নিষিদ্ধ কৰা হৈছে গধুৰ বাণিজ্যিক বাহনৰ চলাচল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ পৰা লাভ কৰা সতৰ্কবাণী অনুসৰি ৫ মে’ৰ পুৱাৰে পৰা জিলাখনত প্ৰচণ্ড আৰু ধাৰাবাহিক বৰষুণৰ পৰিপ্ৰেক্ষিতত কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। উক্ত নিৰ্দেশনা অনুসৰি শনিবাৰে নিশা ৮ বজাৰ পৰা জাটিংগা-হাৰংগাজাও পথেৰে গধুৰ বাণিজ্যিক বাহনৰ চলাচল পৰৱৰ্তী জাননী নিদিয়ালৈকে নিষিদ্ধ কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে বৰাক উপত্যকা আৰু ইয়াৰ বাহিৰৰ সকলো গধুৰ বাণিজ্যিক বাহন পৰৱৰ্তী জাননী নিদিয়ালৈকে মেঘালয়ৰ মাজেৰে পথ সলনি কৰি চলাচল কৰিবলৈ আহ্বান জনোৱা হৈছে। এই আদেশ সকলো যাতায়াতৰ সুৰক্ষা আৰু প্ৰতিকূল বতৰ তথা চলি থকা পথ মেৰামতিৰ কাম-কাজৰ পৰা উদ্ভৱ হ’ব পৰা সম্ভাব্য বিপদ ৰোধ কৰিবলৈ জাৰি কৰা হৈছে‌ বুলি নিৰ্দেশনাত প্ৰকাশ পাইছে।

প্ৰেৰক হেমন্ত কুমাৰ নাথ

Featured