ধুবুৰীত হেলিকপ্টাৰেৰে ধূলি উৰুৱাই চলালে নিৰ্বাচনী প্ৰচাৰ

🔹 প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত স্থান পালেনে চৰাঞ্চলৰ ৰাইজৰ অভাৱ-অভিযোগে ?

নিয়মীয়া বাৰ্তা, ৫ মে’ : ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ লগতে সমষ্টিটোৰ দুৰ্গম চৰাঞ্চলত ধূলি উৰুৱাই হেলিকপ্টাৰেৰে বিভিন্ন ৰাজনৈতিক দলৰ হাইপ্ৰফাইল নেতাই চলাই আছে নিৰ্বাচনী প্ৰচাৰ। প্ৰচাৰৰ সময়সীমা উকলাৰ প্ৰাকমুহূৰ্তত নিৰ্বাচনী প্ৰচাৰক লৈ বৰ্তমানে তুমুল ব্যস্ততা ধুবুৰী লোকসভা সমষ্টিত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী আৰু তেওঁলোকৰ কৰ্মীসকলৰ মাজত। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুযায়ী আজি বিয়লি ৫ বজাৰ লগে লগে অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰৰ। পিছে গতানুগতিকতাৰ পৰিৱৰ্তন নঘটি বিগত সময়ৰ দৰে এইবেলিৰ নিৰ্বাচনী প্ৰচাৰতো বিভিন্ন দলৰ ৰাজনৈতিক নেতাৰ ভাষণত দেখা গ’ল প্ৰতিশ্ৰুতিৰ জোৱাৰ। পিছে লোকসভা সমষ্টিটোৰ অন্তৰ্গত চৰাঞ্চলৰ দৰিদ্ৰ, খাটি খোৱা ৰাইজৰ মূল সমস্যাৰাজিৰ বিষয়ে অধিকাংশ প্ৰাৰ্থীৰ প্ৰচাৰত স্থান নাপালে। এয়াই কিন্তু মত সমষ্টিৰ বহুতৰে। উল্লেখ্য যে ধুবুৰী জিলাৰ সদৰ ধুবুৰীৰ কাষেৰে বৈ যোৱা গদাধৰ আৰু বৰলুইতত আছে বহু চৰ। মাজেৰচৰ, পোৰাৰচৰ, বীৰসিং, কুন্তীৰ চৰ আদি বিভিন্ন চৰাঞ্চলৰ পৰা দৈনিক শ শ লোকে ইঞ্জিনচালিত সৰু সৰু নাৱেৰে অহা-যোৱা কৰে ধুবুৰীলৈ। স্থানীয় ভাষাত “খেৱা নাও” বুলি পৰিচিত নাওবোৰেৰে ৰ’দ, বৰষুণ, শীত কাটি কৰি পুৱা ধুবুৰীলৈ আহে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি কণ কণ শিশুৱে। ক্ষুদ্ৰ ব্যৱসায়ী, ৰিক্সা অথবা ঠেলাচালক, দিনহাজিৰা কৰা লোককে ধৰি যিকোনো চৰকাৰী কাম অথবা উন্নত স্বাস্থ্যসেৱাৰ বাবে ধুবুৰীলৈ আহিবলগীয়া হ’লে নাৱে হ’ল যাতায়াতৰ একমাত্ৰ সাৰথি তেওঁলোকৰ। নাই কোনো বিকল্প পথ অথবা ব্যৱস্থা। সেয়ে চৰাঞ্চলৰ ৰাইজে অন্তঃকৰণে বিচাৰে ধুবুৰীৰ সৈতে এক উন্নত যোগাযোগ ব্যৱস্থা গঢ়ি উঠাৰ। “চাওক, চৰাঞ্চলৰ মূল সমস্যা হ’ল বাট-পথৰ অভাৱ। প্ৰতি বছৰে অহা বানপানীত বিধ্বস্ত আমাৰ অঞ্চলৰ বহু সৰু সৰু দলং। ধুবুৰীলৈ আহিব লাগিলেই পঞ্চায়ত ঘাটৰ পৰা চলাচল কৰা খেৱা নাৱেই আমাৰ একমাত্ৰ ভৰসা। নিশা হঠাৎ ৰোগীক ধুবুৰীলৈ আনিবলগীয়া হ’লে পৰিবলগীয়া হয় চৰম অসুবিধাত।”- এই ভাষ্য ধুবুৰীত এখন সৰু পাণ-তামোলৰ দোকানেৰে নিজৰ পৰিয়াল পোহপাল দিয়া মাজেৰচৰৰ ফাৰুক ইছলামৰ। ফাৰুকৰ দৰেই অনুৰূপ মত আন কেইবাগৰাকীৰো। কেৱল বাট-পথেই নহয়; ধুবুৰীৰ দুৰ্গম একাংশ চৰাঞ্চলত নাই স্বাস্থ্যসেৱাৰ উপযুক্ত আন্তঃগাঁথনিকে ধৰি বিশুদ্ধ খোৱাপানীৰ উপযুক্ত ব্যৱস্থা। আনকি একাংশ চৰাঞ্চলৰ ভোটাৰ ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাবলগীয়া হয় পাৰ্শ্বৱৰ্তী আন এটা চৰাঞ্চলৰ ভোটকেন্দ্ৰলৈ। পিছে, ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফলত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ অহা চৰ অঞ্চলৰ কেইবালাখ ভোটাৰৰ মূল সমস্যাবোৰ আজিলৈ অধিকাংশ ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰৰ মূল বিষয় ৰূপে উঠি পোৱা নাই আৰু সেয়া লৈ বহুতৰে আছে সুপ্ত বেদনাও। উল্লেখ্য যে আজি বিয়লি ৫ বজাৰ লগে লগে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পিছত অহা ৭ মে’ৰ দিনা অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। সিদিনা ৰাজ্যৰ ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটী -এই চাৰিটা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব ভোটদান প্ৰক্ৰিয়া। ইয়াতে উল্লেখনীয় এয়াও যে ২নং ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত ১১টা বিধানসভা সমষ্টিৰ সৰ্বমুঠ  ২৬ লাখ ৪৮ হাজাৰ ১৮ গৰাকী ভোটাৰে এইবেলি লোকসভা সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ১৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব। লোকসভা সমষ্টিটোৰ মুঠ ভোটকেন্দ্ৰ হ’ল ৩০২৪টা।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured