ন-ৰূপত জিলিকিল পাঠশালাৰ ঐতিহ্যমণ্ডিত নাট্যমন্দিৰ

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ “আজিৰ পৰা ছয়টা দশক পূৰ্বে ১৯৬৩ চনৰ দুই অক্টোবৰত পাঠশালাৰ পবিত্ৰ হৰিমন্দিৰত ভূমিষ্ঠ হৈছিল অসমৰ প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰ নটৰাজ থিয়েটাৰৰ। প্ৰয়াত অচ্যুত লহকৰৰ একান্ত চেষ্টাত জন্ম লাভ কৰা ভ্ৰাম্যমাণ থিয়েটাৰ এতিয়া এক বৃহৎ বটবৃক্ষৰ ৰূপ লৈ অসমীয়াৰ আবেগত পৰিণত হৈছে৷ কিন্তু পৃথিৱীৰ ভিতৰতে বিৰল এই ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মস্থান পাঠশালাত আজিলৈকে নাছিল এটি সাধাৰণ সুবিধাৰ নাট্য মন্দিৰ। সেয়হে মই পাটাছাৰকুছি সমষ্টিৰ বিধায়ক হোৱাৰ পৰাই অনুভৱ কৰি আছিলো এটি নাট্যমন্দিৰৰ অভাৱ৷ আৰু এই অভাৱকে পূৰণ কৰি পাঠশালাৰ পিতৃ সংগঠন স্বৰূপ শতবৰ্ষীয় পাঠশালা বজাৰ কমিটিৰ সক্ৰিয় সহযোগত আজি নাট্যমন্দিৰটো সম্পুৰ্ণ হৈ উঠাৰ পিছত আপোনালোকৰ আসন গ্ৰহণ কৰা দৃশ্য প্ৰত্যক্ষ কৰি সচাকৈ আপ্লুত হৈছো।” এই মন্তব্য অসম চৰকাৰৰ জেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷ আজি নাট্য নগৰী পাঠশালাৰ ৰাইজৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত পাঠশালাৰ হৰিমন্দিৰৰ বাকৰিত এটি আধুনিক প্ৰযুক্তি সমৃদ্ধ নাট্য মন্দিৰ আনুস্থানিক ভাবে মুকলি কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। উল্লেখ্য যে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম স্থান নাট্যনগৰী হিচাবে পৰিচিত পাঠশালাত দীৰ্ঘদিন ধৰি এটি নাট্যমন্দিৰৰ অভাৱ আছিল৷ পাঠশালা বজাৰ কমিটিৰ উদ্যোগত যদিও ১৯২৩ চনতে পাঠশালা নাট্যমন্দিৰৰ স্থাপন কৰা হৈছিল কিন্তু বিভিন্ন কাৰণবশতঃ নাট্যমন্দিৰটো অৱহেলিত হৈ প্ৰায় অব্যৱহৃত ৰূপ পাইছিল৷ কিন্তু এই নাট্যমন্দিৰটো স্থাপন কৰাৰ সম্পুৰ্ণ ১০০ বছৰ পিছত আজি এটি অত্যাধুনিক সা-সুবিধাসম্পন্ন আটকধুনীয়া প্ৰেক্ষাগৃহলৈ ৰূপান্তৰ কৰা হয়৷ স্মৰ্তব্য যে কালৰ গতিত জহি খহি যাবলৈ ধৰা পাঠশালাৰ হৰিমন্দিৰ চৌহদস্থিত ঐতিহ্যমণ্ডিত নাট্যমন্দিৰটো শতবৰ্ষীয় পাঠশালা বজাৰ কমিটিৰ উদ্যোগত ২০১০ চনত নতুনকৈ নিৰ্মাণৰ পৰিকল্পনা কৰা হয় যদিও পৰ্যাপ্ত অৰ্থৰ অভাৱত সেয়া হৈ উঠা নাছিল৷ অৱশেষত বিভিন্ন ব্যক্তি, জনপ্ৰতিনিধিৰ লগতে শেষতীয়াভাবে পাটাছাকুছি সমষ্টিৰ বিধায়ক, কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ আশাসুধীয়া চেষ্টাত এক আধুনিক ৰূপত পাঠশালা নাট্যমন্দিৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হয়৷ এই শতবৰ্ষ গৰকা এই নাট্যমন্দিৰটোৰ নতুন প্ৰেক্ষাগৃহ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে৷ পাঠশালা বজাৰ কমিটিৰ সভাপতি গিৰিধৰ চৌধুৰীৰ সভিপতিত্ব অনুষ্ঠিত এই নাট্যমন্দিৰ প্ৰেক্ষাগৃহ মুকলি অনুষ্ঠানত ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰ, অসম সৌৰভ তথা বিশিষ্ট নাট্যযোদ্ধা কৃষ্ণ ৰয়, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ সমন্বিতে কেবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকি পাঠশালা বজাৰ কমিটিৰ এনেকুৱা যুগান্তকাৰী পদক্ষেপৰ শলাগ লয়৷ সভাত মন্ত্ৰী দাসে কয় যে শতিকা পুৰণি পাঠশালাৰ এই নাট্যমন্দিৰটোৱে বজালী ৰাইজৰ এটি দীৰ্ঘদিনীয়া অভাৱ পুৰণ কৰিব৷ ৭০ লাখ টকা ব্যয়সাপেক্ষে পাঠশালা নাট্যমন্দিৰটোৰ পুনঃনিৰ্মাণ আৰু আন্তঃগাঁথনি উন্নয়ন সাধন কৰি ২২৫ খন আসনযুক্ত এটি অত্যাধুনিক সা-সুবিধাসম্পন্ন আটকধুনীয়া প্ৰেক্ষাগৃহলৈ ৰূপান্তৰ হোৱা বুলি প্ৰকাশ কৰি মন্ত্ৰী দাসে নিজৰ মন্ত্ৰীত্ব কালত বহুতো কামৰ সফল ৰূপায়নৰ বিষয়ে উল্লেখ কৰি কয় যে মানুহৰ জন্মস্থান যিয়ে নহওক কিয় কাম কৰাৰ সদিচ্ছা থাকিলে নিজৰ কৰ্মজীৱনত বহু সফলতা লাভ কৰিব পৰি৷ পাঠশালা বজাৰ কমিটিৰ সম্পাদক জিতেন তালুকদাৰে সামগ্ৰিক ভাবে পৰিচালনা কৰাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰা আৰু দিগন্ত তালুকদাৰে আঁত ধৰা অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ লগতে পাঠশালা পৌৰসভাৰ পৌৰপতি জলি চৌধুৰী, পাঠশালা ৰাস মহোৎসৱ সমিতিৰ সভাপতি ভূপেন্দ্ৰ শৰ্মা, বিশিষ্ট সমাজকৰ্মী তথা শিক্ষাবিদ মুৰাৰী মোহন দত্ত, বজালী জিলা পৰিষদৰ সভাপতি ৰঞ্জিত শালৈ, পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামী, আনন্দৰাম বৰৱা একাডেমিৰ ৰেক্টৰ তথা পৰিচালন সঞ্চালক ড৹ ৰণজিৎ ডেকা সমন্বিতে বিশিষ্টসকল উপস্থিত থাকে৷ এই প্ৰেক্ষাগৃহ মুকলি অনুষ্ঠানৰ লগতে “পাঠশালা নাট্যমন্দিৰ- এক অবিৰত যাত্ৰা” শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰশৰে।

প্ৰেৰক কল্যাণ কলিতা

Featured