কাছাৰত ৫ কোটি টকাৰ হেৰ’ইন উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২২ জুন : এক গোপন তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ শালচাপ্ৰাত বিশেষ অভিযান চলাই নিচাজাতীয় ড্ৰাগছসহ এখন অটোৰিক্সা আটক কৰে। তদুপৰি এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। সৰবৰাহকাৰীৰ নাম চিৰুক উদ্দীন লস্কৰ (২৪)। অটোখনত অনুসন্ধানৰ সময়ত আৰক্ষীৰ দলে ৪৭টা চাবোনৰ কেচ উদ্ধাৰ কৰে। কেচৰ পৰা প্ৰায় ৯৭৪ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে। শিলচৰত সাংবাদিকৰ মুখামুখি হৈ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই এই কথা জনায়। তেওঁ কয়, আৰক্ষীয়ে বাহনখনকে ধৰি উদ্ধাৰ হোৱা সামগ্ৰীসমূহ জব্দ কৰে। জব্দকৃত হেৰ’ইনৰ বজাৰ মূল্য ৫ কোটি টকা। আৰক্ষীয়ে মিজোৰামৰ আইজলৰ পৰা অবৈধভাৱে পৰিবহণ কৰাৰ সন্দেহ কৰিছে। আৰক্ষীয়ে অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰিছে বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে।

প্ৰেৰক গৌতম তালুকদাৰ