কাছাৰত  ৯ কোটি ৫০ লাখ টকাৰ হেৰ’ইনসহ আটক ৬ 

নিয়মীয়া বার্তা, ২ জুন : তীব্ৰ বানৰ মাজতে কাছাৰ জিলাত সক্ৰিয় হৈ পৰিছে ড্ৰাগছ সৰবৰাহকাৰী।  দেওবাৰে কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই এক বিবৃতিত কয় যে কালি কাছাৰ আৰক্ষীয়ে এক চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ৰাম প্ৰসাদপুৰ, ধলাই আৰু বাঁশকান্দি, লক্ষীপুৰত পৃথকে পৃথকে অভিযান চলাই ১৫০টা হেৰ’ইনযুক্ত চাবোনৰ কেছ জব্দ কৰে।  চাবোনৰ কেছবোৰৰ পৰা প্ৰায় ১.৯০০ কিলোগ্ৰাম ওজনৰ হেৰ’ইন উদ্ধাৰ কৰা হৈছে। লগতে ৬জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী অধীক্ষক মাহাত্তাই  জানিবলৈ দিয়া মতে, ধৃত সৰবৰাহকাৰীকেইটা বিন্টু সিং (২৮), ফুলেৰতল, লক্ষীপুৰ, ৰাজেন সিং (৪১) লান্টুগ্ৰাম,  ধলাই, একবৰ হুছেইন (২৩) আৰু বৰজোহানা মাৰ (২৭) ভূমিকপাৰা বেৰবকৰা আৰু ৰবাৰ্ট লালমালছন (২৪), ফেৰজাউল, মণিপুৰ, ডেনিয়েল লালৰিংগেটৰ ( ২৬) ফুলেৰতল, লক্ষীপুৰ।  আৰক্ষী অধীক্ষক মাহাত্তাই কয় যে তেওঁলোকৰ পৰা এখন স্কুটী আৰু এখন মাৰুতি জিমি গাড়ীও জব্দ কৰা হৈছে । ক’লা বজাৰত ড্ৰাগছখিনিৰ মূল্য ৯ কোটি ৫০ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।  মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা অবৈধভাৱে ড্ৰাগছ সৰবৰাহ কৰিছিল। এই সন্দৰ্ভত অধিক তদন্ত চলি থকা বুলি আৰক্ষী অধীক্ষক মাহাত্তাই জানিবলৈ দিয়ে।
প্ৰেৰক গৌতম তালুকদাৰ
Featured