বাণিজ্যিক কৃষিক জন-আন্দোলনলৈ ৰূপান্তৰৰ পোষকতা মন্ত্ৰী অতুল বৰাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ অক্টোবৰঃ ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক প্ৰাধান্য দি তেওঁলোকক অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তোলাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অগ্ৰাধিকাৰভিত্তিত গুৰুত্ব আৰোপ কৰিছে। শেহতীয়াভাৱে মুখ্যমন্ত্ৰীৰ পৰামৰ্শক্ৰমে অসমৰ কৃষিখণ্ডত গ্ৰহণ কৰা বিভিন্ন সংস্কাৰধৰ্মী পদক্ষেপৰ ফলতেই আজি ৰাজ্যখনত ৰপ্তানিকেন্দ্ৰিক কৃষিৰ এটা ইতিবাচক যাত্ৰা আৰম্ভ হৈছে। এই যাত্ৰা অব্যাহত ৰাখিবলৈ বাণিজ্যিক কৃষিক জন-আন্দোলনলৈ ৰূপান্তৰ কৰাত কৃষিখণ্ডৰ সৈতে জৰিত আমি সকলোৱে আগবাঢ়ি আহিব লাগিব– এই মন্তব্য কৃষিমন্ত্ৰী অতুল বৰাৰ। আজি অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ সহযোগত গুৱাহাটীত ‘তৈল খেজুৰৰ বহনক্ষম খেতি’ সম্পৰ্কীয় এখন বহুস্তৰীয় পৰামৰ্শদাতা কৰ্মশালাত অংশগ্ৰহণ কৰি মন্ত্ৰী বৰাই লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰতৰ প্ৰসংগত তৈল খেজুৰৰ খেতিক কৃষকসকলৰ বাবে ‘গেইম চেঞ্জাৰ’ বুলি উল্লেখ কৰিছে আৰু এইখেতিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কৃষক বিশেষভাৱে লাভৱান হ’ব বুলি কৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো ৰাজ্যখনক খোৱা তেল উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তুলিবলৈ বিভিন্ন তেলজাতীয় শস্যৰ লগতে তৈল খেজুৰৰ খেতিৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নেতৃত্বত শেহতীয়াকৈ অসমত কৰ্মবিমুখতাৰ পৰিৱৰ্তে কৰ্মসংস্কৃতিৰ এক তেজস্বী ধাৰা আৰম্ভ হৈছে আৰু ইয়াৰ পূৰ্ণ প্ৰতিফলন ঘটিছে কৃষি আৰু আনুষংগিক খণ্ডসমূহত। অসমৰ বাবে প্ৰয়োজনীয় খোৱা তেলৰ মাথো ২০ শতাংশহে ৰাজ্যখনত উৎপাদন হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে, খোৱা তেলৰ ক্ষেত্ৰত পৰনিৰ্ভৰশীলতা আতৰোৱাৰ বাবে কৃষি বিভাগে সৰিয়হ খেতিৰ সম্প্ৰসাৰণৰ লগতে ‘ভোজ্য তেলৰ ৰাষ্ট্ৰীয় অভিযান – তৈল খেজুৰ’ আঁচনিৰ অধীনত বাণিজ্যিকভাৱে লাভজনক তৈল খেজুৰৰ খেতিৰ সম্প্ৰসাৰণত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ২০১৪-১৫ চনতে অসমত তৈল খেজুৰৰ খেতিৰ বাবে কেন্দ্ৰীয় আঁচনিৰ অধীনত এটি বিশেষ পাইলট প্ৰকল্প ৰূপায়ণ কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ ২০২১-২২ বৰ্ষৰ পৰা ৰূপায়ণ কৰা ‘ভোজ্য তেলৰ ৰাষ্ট্ৰীয় অভিযান – তৈল খেজুৰ’ আঁচনিৰ অধীনত অসমৰ ১৮ খন জিলাৰ ২,৫০০ হেক্টৰ ভূমি সামৰি লোৱা হৈছে বুলি উল্লেখ কৰে। তৈল খেজুৰৰ খেতিৰ সম্পৰ্কত আৰম্ভণিতে এচাম ন্যস্তস্বাৰ্থ জৰিত লোকে চলোৱা অপপ্ৰচাৰক অসমৰ ৰাইজে বিজ্ঞানসন্মত তথ্যপাতিৰ জৰিয়তে নাকচ কৰা বুলি উল্লেখ কৰি চলিত বৰ্ষত কৃষি বিভাগে ৰাজ্যখনৰ ২০ হাজাৰ হেক্টৰ ভূমি তৈল খেজুৰৰ খেতিৰে সামৰি লোৱাৰ লক্ষ্য লোৱা বুলি তেওঁ প্ৰকাশ কৰে। দুদিনীয়াকৈ আয়োজন কৰা এই উচ্চপৰ্যায়ৰ কৰ্মশালাই অসমত তৈল খেজুৰৰ খেতিৰ ক্ষেত্ৰত যোগাত্মক প্ৰভাৱ পেলাব বুলি তেওঁ আশা প্ৰকাশ কৰে। কালিৰে পৰা আৰম্ভ হোৱা এই কৰ্মশালাৰ আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, কৃষি বিভাগৰ আয়ুক্ত সচিব আৰু কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰিয়া, ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ যুটিয়া সচিব অজিত কুমাৰ চাহু আৰু প্ৰাক্তন সচিব সঞ্জয় আগৰৱাল, ভাৰতীয় তৈল খেজুৰ গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ কে. সুৰেশ, অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ড০ সঞ্জয় চেতিয়াকে ধৰি দেশ-বিদেশৰ বিভিন্ন সমল ব্যক্তিয়ে ভাষণ দিয়াৰ লগতে ভাৰত চৰকাৰৰ কৃষি সচিব দেৱেশ চতুৰ্বেদীয়ে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে। কৰ্মশালাত কেন্দ্ৰীয় আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ কৃষি আৰু সংশ্লিষ্ট বিভাগসমূহৰ উচ্চপদস্থ বিষয়া, সংশ্লিষ্ট কোম্পানীসমূহৰ উচ্চস্তৰীয় প্ৰতিনিধি, থাইলেণ্ড, মালেছিয়া আৰু নাইজেৰিয়াৰ প্ৰতিনিধিৰ লগতে তৈল খেজুৰৰ খেতিৰ সৈতে জৰিত দেশৰ অগ্ৰণী কৃষকসকলে অংশগ্ৰহণ কৰে।

Featured