চাৰিদুৱাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২৩ মে : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিদুৱাৰ অঞ্চলৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (পূৰ্বৰ চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়) শিক্ষাৰ্থীসকলে এইবেলি সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰাত উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ শিক্ষা সচেতন ৰাইজ, শিক্ষক সমাজ, অভিভাৱক। আজি বিদ্যালয়খনৰ চৌহদত বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দাসৰ সঞ্চালনাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়খনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনা সমিতিৰ সভাপতি, অৱসৰপ্ৰাপ্ত শিক্ষক দেৱ শইকীয়া। অনুষ্ঠানটোত আটাইকেইটা বিভাগতে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ তৰফৰপৰা গামোছা, কলমেৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানটোত বিদ্যালয়ৰ সমূহ শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰী, কৃতি ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। উল্লেখ্যে যে নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰতিষ্ঠা কালৰেপৰা প্ৰতিবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈ আহিছে।

প্ৰেৰক প্ৰাঞ্জল বৰা

Featured