কংগ্ৰেছত আৰু বহু কাজিয়া হ’বলৈ বাকী আছেঃ গহপুৰত ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ মহাজোঁট মানে কি বুজি নাপায় ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি গহপুৰত উপস্থিত হৈ চাইকেল আৰু বাইক ৰেলীত অংশ লোৱা অসম চৰকাৰৰ স্বাস্থ্য, শিক্ষামন্ত্ৰীগৰাকীয়ে সাংবাদিকে আগন্তুক বিধানসভা ৰাজনীতি সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে কয়- ‘মহাজোঁট মানে কি বস্তু মই বুজিয়ে নাপাওঁ, আজি মহাজোঁট কালি ভঙাজোঁট। বিজেপিৰ মিত্ৰতা ৰাইজৰ লগত আছে আৰু ৰাইজৰ হৃদয়ত বিজেপি আছে, মহাজোঁটৰ কথা চিন্তা কৰি লাভ নাই।’

আনহাতে কংগ্ৰেছে এইবাৰ বিধানসভা নিৰ্বাচনত কিমান আসন পাব পাৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বভাৱসুলভ উত্তৰ- ‘কংগ্ৰেছে এইবাৰ যে আসন পাব, তাক লৈ মোৰ সন্দেহ আছে, তেওঁলোকৰ ভিতৰত বহু কাজিয়া আছে, এতিয়ালৈ নৃত্য নাটিকাই হোৱা নাই। আৰু বহু কাজিয়া হ’বলৈ বাকী আছে। গতিকে এতিয়াই আসনৰ গণনা কৰিব পৰা নাযাব।’

লগতে পঢ়ক- কাজিয়াত নিমজ্জিত কংগ্ৰেছ, ঘিলামৰাত দুই কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ মাৰপিট-খেদাখেদি

DR. HIMANTA BISWA SARMA