ইতিহাস হ’ল কাকজানৰ ঐতিহাসিক বঙলা

🔹 সংৰক্ষণৰ অভাৱ–চৰকাৰৰ অৱহেলাত জহি–খহি নিশ্চিহ্ণপ্রায়
🔹 ব্রিটিছ চীফ কমিছনাৰ বেমফিল্ড ফুলাৰে নির্মাণ কৰিছিল
🔹 বিমলাপ্রসাদ চলিহা–শৰৎ চন্দ্র সিংহই জিৰণি লৈছিল
বিশেষ বাৰ্তা, ২৬ আগষ্ট : আজিও অনাদৃত হৈ আছে ব্রিটিছ শাসনৰ সোণোৱালী স্মৃতি বিজড়িত যোৰহাটৰ কাকজানত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত অৱস্থিত ডাক বঙলাটো৷ তাত এসময়ত জিৰণি লৈছিল ব্রিটিছ শাসনকালৰ অসমৰ চীফ কমিছনাৰ বেমফিল্ড ফুলাৰে৷ স্বাধীনতাৰ পাছত বিমলা প্রসাদ চলিহা, শৰৎ সিংহৰ দৰে ৰাজনৈতিক মনীষীসকলেও জিৰণি লৈছিল৷ উল্লেখ্য যে ব্রিটিছ শাসনকালত ছাৰ হেনৰি কটনৰ পাছত অসমৰ চীফ কমিছনাৰৰ দায়িত্ব লৈছিল বেমফিল্ড ফুলাৰে৷ বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাৰ ‘আহোমৰ দিন’ত উল্লেখ থকা অনুসৰি তেওঁ আছিল এগৰাকী উদাৰচিতীয়া আৰু প্রজাবন্ধু শাসনকর্তা৷ এইগৰাকী ব্রিটিছ আমোলাৰ দিনতে গাঁওবুঢ়াক বঁটা দিয়াৰ নিয়ম, মৌজাদাৰী প্রথাৰ পুনৰ প্রচলন, শিক্ষা বিভাগৰ সংস্কাৰ, অসমীয়া সাহিত্য কলিকতা বিশ্ববিদ্যালয়ত পাঠ্য কৰা, চৰকাৰী পদত অসমীয়াক আগ বাছনি দান, আহোম ছাত্রক বিনা মাচুলেৰে স্কুল–কলেজত পঢ়িবলৈ সুবিধা প্রদান কৰা হৈছিল৷ তদুপৰি এইগৰাকী চীফ কমিছনাৰৰ দিনতে শিৱসাগৰ জিলাৰ সদৰ ঠাই যোৰহাটলৈ তুলি আনিবলৈও আদেশ কৰা হৈছিল৷ এনে এগৰাকী ব্রিটিছ চীফ কমিছনাৰৰ স্মৃতি বিজড়িত হৈ আছে কাকজানৰ বনগাঁও পাৰ হৈয়ে ৰাষ্ট্রীয় ঘাইপথৰ কাষত দেখিবলৈ পোৱা তথা সম্প্রতি জহি–খহি নিশ্চিহ্ণপ্রায় হৈ পৰা ডাক বঙলাটো৷ প্রাপ্ত তথ্য অনুসৰি, প্রায় ১২০ বছৰ পূর্বে ১৯০২ চনত উজনিলৈ আহি উক্ত বঙলাতে এৰাতি কটাহছিল চীফ কমিছনাৰ বেমফিল্ড ফুলাৰে৷ চীফ কমিছনাৰ অহাৰ খবৰ পাই অঞ্চলটোৰ ৰাইজে বিভিন্ন অভাৱ–অভিযোগ সন্নিৱিষ্ট কৰি এখন স্মাৰক–পত্র প্রদান কৰিছিল তেওঁক৷ উক্ত স্মাৰক–পত্রত উল্লেখ থকা অনুসৰিয়ে ১৯০৮ চনত ব্রিটিছ চৰকাৰে কাকজান এম ই স্কুল ষোষণা কৰিছিল৷ কেৱল সিমানেই নহয়, সেই সময়ত আজিৰ দৰে সুচল যাতায়াত অথবা ঘাইপথৰ কাষত থকা–খোৱাৰ কোনো সুচল ব্যৱস্থা নাছিল৷ তেনে পৰিপ্রেক্ষিতত ঘাইপথৰ কাষত নির্মাণ কৰা উক্ত ডাক বঙলাতে উজনিলৈ অহা ভি আই পি, ভি ভি আই পিসকলে জিৰণি লয়৷ স্বাধীনতাৰ পাছতো বিমলা প্রসাদ চলিহা, শৰৎ সিংহৰ দৰে ৰাজনৈতিক মনীষীসকল উজনিলৈ আহি এই বঙলাতে জিৰণি লৈছিল৷ কিন্তু সেয়া আজি অনাদৃত৷ ইংৰাজ শাসনৰ স্মৃতি বিজড়িত হৈ থকা ডাক বঙলাটো সঠিক পৰিচর্যাৰ অভাৱত সম্প্রতি জহি–খহি নিশ্চিহ্ণ হোৱাৰ পথত৷ বৃহৎ মাটিকালিৰে ঘাইপথৰ কাষতে থকা এনে ঐতিহ্যপূর্ণ সম্পদৰ সংৰক্ষণৰ দাবী তুলিছে সচেতন মহলে৷ এই সন্দর্ভত বিশিষ্ট লেখক, শিক্ষাবিদ তুফেল জিলানীয়ে কয় যে ব্রিটিছ শাসনৰ স্মৃতি জড়িত হৈ থকা এনে সম্পদ সংৰক্ষণ কৰি চৰকাৰে পর্যটনস্থলী হিচাপে গঢ় দিব পাৰে এনে সম্পদসমূহ৷ কিয়নো এনে সম্পদৰ লগত জড়িত হৈ আছে ঐতিহ্য৷ লক্ষণীয় যে বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে শতায়ু গৰকা সম্পদসমূহ সংৰক্ষণৰ যি ব্যৱস্থা লৈছে, সেই আঁচনিৰ আওতালৈ আনি উক্ত সোণোৱালী স্মৃতি বিজড়িত সম্পদটো সংৰক্ষণ নকৰিলে সময়ত সোঁতত ডাক বঙলাটো যে পাহৰণিৰ গর্ভত বিলীন হৈ পৰিব, সেয়া নিশ্চিত৷
প্ৰেৰক দিগন্ত হাজৰিকা
Featured