অক্সিজেন কিমান শতাংশ কমিলে ক’ভিড হাস্পতাললৈ যাব লাগে এই সন্দৰ্ভত কি ক’লে GMCH ৰ অধক্ষ্য অচ্যুত বৈশ্যই?

নিয়মীয়া বাৰ্তা ৫ মেঃ  দেশত বৰ্তামান কৰোনাই কাল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনৰো পৰিস্থিতি অতি ভয়াৱহ। মঙলবাৰে দিনটোতেই ৪১ জনৰ লোকৰ কভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে। প্ৰতিদিনেই আক্ৰান্ত হৈছে হাজাৰৰো অধিক লোক।

কিন্তু কভিডত আক্ৰান্ত হলেই জানো অক্সিজেন লাগে, আই চি ইউৰ কেতিয়া প্ৰয়োজন হয় এই সন্দৰ্ভত জি এম চিৰ অধ্যক্ষ অচ্যুত বৈশ্যই কয়   যি জন মানুহৰ ৫৫ বছৰ বয়স হোৱাৰ উপৰিও অক্সিজেনৰ পৰিমাণ ৯৪, পৰা ৯৫ৰ তললৈ গৈছে সেই সকল লোকে চিকিৎসালয়লৈ যাব লাগে। লগতে যি সকল কভিড ৰোগীৰ অক্সিজেনৰ পৰিমাণ ৯৪ ,৯৫ লৈ তললৈ নামি যায় সেই সকল লোকক অক্সিজেন দিয়াৰ প্ৰয়োজন।