ডিব্ৰুগড়ত স্থান দখলৰ ধাৰা অব্যাহতঃ ৰাজ্যৰ ভিতৰত চাৰিটাকৈ স্থান দখলৰে গৌৰৱ ডিব্ৰুগড়ৰ

ছাত্ৰীয়ে মান ৰাখিলে ডিব্ৰুগড়ৰ

নিয়মীয়া বাৰ্তা, ২৭ জুন: ডিব্ৰুগড়ত স্থান দখলৰ ধাৰা অব্যাহত। ৰাজ্যৰ ভিতৰত আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে কেৱল ছাত্ৰীয়ে চাৰিটাকৈ স্থান দখলৰে গৌৰৱ কৰিয়াই আনিলে ডিব্ৰুগড়ত।

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত অসমৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমিৰ অলংকৃতা গৌতম বৰুৱাই। আনহাতে ছল্টব্ৰুক একাডেমীৰ পৰাই আইমেনে চুহেইবে পঞ্চম স্থান দখল কৰে ৰাজ্যৰ ভিতৰত।তাৰোপৰি ডিব্ৰুগড়ৰ আৰ কে একাডেমী পৰা অভিলাষা দত্তই ষষ্ঠ স্থান আৰু অন্তৰিক্ষা মজুমদাৰে ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰে। উল্লেখনীয় যে ডিব্ৰুগড়ৰ অলংকৃতা গৌতম বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে অন্তৰিক্ষা মজুমদাৰেও শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান অধিকাৰ কৰিছিল।

আজি ঘোষিত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান প্ৰাপ্ত তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাতো দ্বিতীয় স্থান লাভ কৰা চল্ট ব্ৰুক একাডেমিৰ ছাত্ৰী তথা ডিব্ৰুগড় চহৰৰ চিৰিং চাপৰিৰ মুলা গাভৰু পথৰ নিৱাসী তথা জলসম্পদ বিভাগৰ কৰ্মচাৰী গৌতম কৌশিক বৰুৱা আৰু মাতৃ ৰঞ্জনা শইকীয়া বৰুৱাৰ কন্যা অলংকৃতা গৌতম বৰুৱাই ইংৰাজীত ৯৫,ঐচ্ছিক ৯৪,পদাৰ্থ বিজ্ঞান ১০০, ৰসায়ন ৯৯, অংক ১০০ আৰু জীৱ বিজ্ঞানত ৯৮ নম্বৰ লাভেৰে মুঠ ৫৮৬ নম্বৰ লাভ কৰি সাংবাদিকৰ আগত এই সফলতাৰ বাবে ঘাইকৈ পিতৃ-মাতৃ, একাডেমিৰ শিক্ষাগুৰু, প্ৰতিৱেশীসকলক বিশেষভাবে কৃতজ্ঞতা জ্ঞাপন কৰে। কৃতকাৰ্যৰ ধাৰাবাহিকতাৰ সন্দৰ্ভত মেট্ৰিক পৰীক্ষাৰ পাছত সমূহ ৰাইজে আৰ্শীবাদ কৰি মনপুতি পঢ়িবলৈ কোৱাত দৃঢ়তাৰে অধ্যয়ন কৰাৰ লগতে অনলাইন ক্লাচ সমূহ কিছু অসুবিধাৰ মাজৰে কৰিব লগীয়া হৈছিল। অধ্যয়নত খুউব দৃঢ়তাৰে মনোনিৱেশ কৰাৰ বাবেই আজি দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে। ভবিষ্যতে এগৰাকী ভাল চিকিৎসক হোৱাৰ পৰিকল্পনাৰে সকলো প্ৰস্তুতি কৰি থকাৰ কথা ব্যক্ত কৰি অধ্যয়নৰ উপৰিও আজৰি সময়ত বাহিৰা কিতাপ পঢ়া বা পিতৃ-মাতৃৰ সৈতে সময় কটাইছিল।অসীমত যাৰ হেৰাল সীমা, মেৰেং নামৰ অসমীয়া উপন্যাসৰ প্ৰতি অনুৰাগ আছিল কৃতি ছাত্ৰী অলংকৃতাৰ। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে কেৱল পদাৰ্থ বিজ্ঞানত ঘৰুৱা শিক্ষকৰ সহায় লোৱাৰ বাহিৰে বাকী বিষয়বোৰ নিজেই ঘৰতে অধ্যয়ন কৰাৰ বিষয়ে জানিবলৈ দিয়ে। একাডেমিৰ শিক্ষক,মাক-দেউতাক,প্ৰতিবেশী,আত্মীয়, সকলোৰ অনুপ্ৰেৰণাৰ বাবেই আজি এনে সাফল্যৰ মুখ দেখিবলৈ পোৱা বুলিও সদৰী কৰে অলংকৃতাই। কৃতকাৰ্যৰ চাবিকাঠী হিচাপে অনান্য ছাত্ৰ-ছাত্ৰীক উদ্দ্যেশি কয় যে যি পৰিস্থিতিয়েই নাহক কিয়;নিজৰ লক্ষ্যৰ পৰা কেতিয়াও বিচলিত হব নালাগে।পঢ়াৰ লগতে অনান্য কামবোৰ নিয়মীয়াকৈ কৰাৰ পৰামৰ্শ আগবঢ়াই।

ইফালে ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান দখল কৰা কৃতী ছাত্ৰী তথা তিনিচুকীয়াৰ ব্যৱসায়ী চৈয়দ আহমেদ আৰু স্বপনৱ চুহেইৱৰ জীয়ৰী আইমেন চুহেইৱে পদাৰ্থ বিজ্ঞানত ১০০,ইংৰাজী ৯২, ঐচ্ছিক ৯৩, ৰসায়ন ৯৭, জীৱবিজ্ঞান ৯৬, আৰু অংকত ৯৯ লাভৰে মুঠ ৫৭৭ নম্বৰ লাভ কৰি সংবাদ মাধ্যমৰ আগত কয় যে বহুতেই ভাল লাগিছে।বিশেষকৈ মোৰ মা-দেউতা এই কৃতকাৰ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰি বহুত সহায়-সহযোগ কৰা,হেঁচা প্ৰয়োগ নকৰা বুলিও উল্লেখ কৰি চল্ট ব্ৰুক একাডেমিৰ শিক্ষকসকলক এই কৃতকাৰ্যৰ বাবে ভূয়সী প্ৰশংসা কৰে।

আনহাতেদি ডিব্ৰুগড়ৰ ৰাধাকৃষ্ণন জুনিয়ৰ কলেজৰ অভিলাষা দত্তই ইংৰাজীত ৯৩, ঐচ্ছিক ইংৰাজী ৯২, পদাৰ্থ বিজ্ঞান ১০০, জীৱ বিজ্ঞান ৯৭, ৰসায়ন ৯৩ আৰু অংকত ৯৬ নম্বৰ সংগ্ৰহৰে মুঠ ৫৭১ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত ষষ্ঠ স্থান দখল কৰি ডিব্ৰুগড়লৈ গৌৰৱ কৰিয়াই আনিবলৈ সক্ষম হয়। আজি প্ৰতিস্থানখনত এক উদুলি-মুদুলি পৰিৱেশত কৃতী ছাত্ৰী অভিলাষা দত্তই কয়–আশা কৰা মতেই ৰিজাল্ট পাইছো।খুবেই ভাল লাগিছে।সময় বান্ধি কেতিয়াও নপঢ়াৰ কথা উল্লেখ কৰি যেতিয়াই সময় পাইছিল,তেতিয়াই পঢ়াৰ কথা সদৰী কৰে।কোনো ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ নিজে হোষ্টেলত থাকি,কলেজৰ শিক্ষক সকলৰ পৰাই কনচেপ্ট ক্লিয়াৰ কৰিবলৈ সহায় লৈছিল। শিক্ষক সকলেও আন্তৰিকতাৰে সকলো সহযোগ কৰা বুলিও উল্লেখ কৰে। চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰাৰ মানসিকতা থকা আৰু ভৱিষ্যতৰ দিনত চিকিৎসা ক্ষেত্ৰত গৱেষণা কৰাৰ হাবিয়াস থকা বুলি জানিবলৈ দিয়ে।

আনহাতে ৰাজ্যৰ ভিতৰতে বিজ্ঞান শাখাত আৰ কে জুনিয়ৰ কলেজৰ(ৰাধাকৃষ্ণন জুনিয়ৰ কলেজ) পৰা ৰাজ্যৰ ভিতৰতে দশম স্থান দখল কৰে অন্তৰিক্ষা মজুমদাৰে।মজুমদাৰে শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান দখল কৰিবলৈও সক্ষম হৈছিল।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ অধ্যাপক ড° দীলিপ মজুমদাৰ আৰু ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰানীবিজ্ঞান বিভাগৰ প্ৰবক্তা ড° জ্যোতিমা ফুকনৰ কন্যা অন্তৰিক্ষাই পোন প্ৰথমে শিক্ষাগুৰু আৰু নিজ মাক-দেউতাকক এই সাফল্যৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে যিমান সময় পাইছিলো,গোটেই সময়খিনি পঢ়াত দিছিলো। কভিডৰ সময়ত অনলাইন ক্লাচৰ জৰিয়তে সকলো সন্দেহ থকা বিষয়বোৰ ক্লিয়াৰ কৰাৰ কথা কৈ নিজেও পঢ়াত মনোনিৱেশ কৰা বুলি জানিবলৈ দিয়ে।মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ দুয়োটা প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা উল্লেখ কৰি সেই ৰিজাল্টৰ পাছতহে সিধান্ত গ্ৰহণ কৰিব বুলি জনায়। আজৰি সময়ত লিখা-মেলা আৰু গান শুনিও ভাল পোৱা কৃতী ছাত্ৰীগৰাকীয়ে এটি গান শুনাই সকলোকে আপ্লুত কৰে।কলেজৰ শিক্ষকৰ পৰাই অধ্যয়নৰ লগতে সকলো দিশত পূৰ্ণ সহযোগীতা পোৱা বুলি সদৰী কৰি কোনো ঘৰুৱা শিক্ষক নথকাৰ বিষয়ে জানিবলৈ দিয়া মেধাবী ছাত্ৰী গৰাকীয়ে ইংৰাজীত ৮৯, ঐচ্ছিক ৯২, পদাৰ্থ বিজ্ঞান ৯৯, জীৱ বিজ্ঞান৯৫, অংক ৯৯ আৰু ৰসায়নত ৯৪ নম্বৰ লাভেৰে মুঠ ৫৬৮ নম্বৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

Featured