ধুবুৰীত মই অপ্ৰতিদ্বন্দ্বী : আজমল

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ অসমৰ মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছ ৰাজ্যিক সভাপতি ভূপেন বৰাক এআইইউডিএফলৈ অহাৰ বাবে আহ্বান ধুবুৰীৰ স্থানীয় সাংসদ তথা দলটোৰ চুপ্ৰিমো বদৰুদ্দিন আজমলে। আজি ধুবুৰী আৱৰ্ত ভৱনত স্থানীয় সাংবাদিকৰ সন্মুখত এই আহ্বান জনাই তেওঁ কয় যে, “ভূপেন বৰাৰ সম্পূৰ্ণ টীম আৰু হিমন্ত বিশ্ব শৰ্মাৰ সম্পূৰ্ণ টীম – সকলোৱে এআইইউডিএফত যোগ দিয়ক। সাংবাদিকৰ এক প্ৰশ্নত নিৰ্বাচনত জিকাৰ কাৰণে নতুন কাপোৰ ইতিমধ্যে চিলালে বুলি মন্তব্য কৰে তেওঁ। তেওঁ কয়, ” চাওক নতুন কাপোৰ পিন্ধি আহিছোঁ। কেৱল নিৰ্বাচনেই নহয়; নিৰ্বাচনৰ পিছত জিকাৰ কাৰণেও নতুন কাপোৰ চিলাই আনিছোঁ।” আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা অতি কমেও ৭/৮ লাখ ভোটত তেওঁ জিকিব লাগে বুলিও দাবী কৰা পোৱা যায় আজমলে। আনহাতে নিৰ্বাচনত কাৰ সৈতে তেওঁৰ প্ৰতিদ্বন্দিতা হ’ব বুলি কৰা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁৰ মন্তব্য, “এতিয়ালৈকে কংগ্ৰেছৰ কোনো প্ৰাৰ্থী নাই মই কাৰ লগত হব বুলি কম!” সাংবাদিকৰ সন্মুখত কংগ্ৰেছক বিজেপিৰ এ টীম বুলি আখ্যায়িত কৰে তেওঁ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured