নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ আগন্তুক বিধানসভা নির্বাচনত দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ বিজেপিৰ মুখ্যমন্ত্রীৰ প্রার্থী হ’ব বুলি চলা চর্চাৰ তেওঁ প্রতিক্রিয়া প্রকাশ কৰিছে৷ সংবাদ মাধ্যমৰ আগত প্রাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে এই সন্দর্ভত কয়– ‘মই ৰাজনীতিবিদ নহয় আৰু মোৰ সেইধৰণৰ কোনো আকাংক্ষা অথবা আগ্রহো নাই৷ তেনেকুৱা সম্ভাৱনাৰ কথা কোনেও মোক আজিলৈ কোৱা নাই৷’ উল্লেখ্য যে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে কালি এখন সংবাদ মেলত প্রকাশ কৰিছিল যি আগন্তুক নির্বাচনত বিজেপিৰ মুখ্যমন্ত্রীৰ প্রার্থী হ’ব পাৰে ৰঞ্জন গগৈ৷ এই প্রসংগত তৰুণ গগৈয়ে এইবুলিও কৈছিল যে বিজেপিৰ মুখ্যমন্ত্রী পদৰ তালিকাত ৰঞ্জন গগৈৰ নাম অন্তর্ভুক্ত হৈ আছে৷ বিশেষকৈ ৰাম জনমভূমি বিবাদৰ গোচৰত দিয়া ঐতিহাসিক ৰায়ৰ বাবে বিজেপি সুখী হৈছিল বুলিও মন্তব্য কৰিছিল প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে৷
অৱশ্যে ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে তৰুণ গগৈৰ এই দাবীক নস্যাৎ কৰিছে৷ একে সময়তে প্রাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে ৰাজ্য সভাৰ সদস্য পদ গ্রহণ কৰাৰ বাবে সৃষ্টি হোৱা বিতর্কৰ প্রসংগতো প্রতিক্রিয়া প্রকাশ কৰিছে৷ এই সন্দর্ভত তেওঁ কয় যে ৰাজ্যসভাৰ সদস্য পদ গ্রহণ কৰাটো ৰাজনীতিৰ পথাৰত আনুষ্ঠানিকভাৱে খোজ পেলোৱাটো নুসূচায়৷ গগৈয়ে কয়– ‘ৰাজ্যসভাৰ মনোনীত সদস্য আৰু ৰাজনৈতিক দলে মনোনীত কৰা প্রার্থীৰ মাজত মানুহে পার্থক্য বুজি নোপোৱাটো দুর্ভাগ্যজনক৷ মই অতি সতর্কতাৰে ৰাজ্যসভাৰ সদস্য পদ গ্রহণ কৰিছোঁ৷ কিয়নো ইয়াৰ জৰিয়তে মই বিভিন্ন বিষয়ত স্বাধীনভাৱে মতামত প্রকাশ কৰাৰ বাবে সুযোগ লাভ কৰিম৷ ইয়াৰ বাবে মই ৰাজনীতিবিদ হৈ যাম নেকি?’