IIT গুৱাহাটীত জাপানৰ ছাত্ৰৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা,২১ নৱেম্বৰঃ গুৱাহাটী আই আই টিৰ লুইত ছাত্ৰাৱাসত জাপানৰ এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ । ক’ট’ অ’ন’ডা নামৰ জাপানৰ গিফু বিশ্ববিদ্যালয়ৰ ছাত্ৰজনে আই আই টি গুৱাহাটী ইণ্টাৰ্ণশ্বিপ কৰি আছিল । বৰ্তমানলৈকে ছাত্ৰজনে কি কাৰণে আত্মহত্যাৰ পথ বাছি ল’লে সেয়া জানিব পৰা হোৱা নাই । লুইত ছাত্ৰাৱাসৰ নিজৰ কোঠাত চিপ লৈ মৃত্যু হোৱা ক’ট’ অ’ন’ডাই কোনো চুইচাইড নোট লিখি থৈ যোৱাৰ তথ্যও আৰক্ষীয়ে লাভ কৰা নাই । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰাৰ লগত সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

ক’ট’ অ’ন’ডাৰ পৰিচয় পত্ৰ
Featured