বিজনীত ২১ কাৰ্টন সুৰাসহ অবৈধ সুৰা বিক্ৰেতাক আটক

বিশেষ বাৰ্তা, ৩ মাৰ্চ : চিৰাঙৰ বিজনীৰ পাণবাৰীত শনিবাৰে বিয়লি বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত পাণবাৰী থানাৰ আৰক্ষীৰ এটা দলে পাণবাৰী নিৱাসী কৌৰৌমকাং দৈমাৰী (৩২) ওৰফে মণ্টু দৈমাৰীৰ বাসভৱনত অতৰ্কিতে এক অভিযান চলাই ২১ কাৰ্টন অবৈধ সুৰা, ৬৫০ লিটাৰ চুলাই আৰু নগদ ৮৫ হাজাৰ টকা জব্দ কৰে। পাছত জব্দকৃত সামগ্ৰীসহ অবৈধ সুৰা বিক্ৰেতাজনক আটক কৰি পাণবাৰী থানালৈ লৈ আহে আৰক্ষীয়ে ।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

Featured