শীঘ্রে ৰাজ্যত সাজু হৈ উঠিব ৫০০ আইচিইউ–অক্সিজেন বিছনা

ক’ভিডক ভেটিবলৈ যুদ্ধকালীন তৎপৰতাৰে সাজু স্বাস্থ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ৮ মেঃ ক্রমাৎ উদ্বেগজনক, চিন্তাজনক হৈ পৰিছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি৷ সংক্রমণৰ হাৰ প্রতিদিনে বৃদ্ধি পোৱাৰ ফলত চিকিৎসালয়ত মহামাৰীত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ আইচিইউতো ক্রমাৎ বাঢ়িব লাগিছ গুৰুতৰভাৱে অসুস্থ হোৱা লোকৰ সংখ্যা৷ এনে পৰিস্থিতিত দিল্লী, মহাৰাষ্ট্রৰ দৰে অহা সময়ছোৱাত ক’ৰোনা আক্রান্তৰ বাবে চিকিৎসালয়ৰ বিছনা আৰু অক্সিজেনৰ অভাৱ ঘটিব নেকি? এনে এক সম্ভাব্য পৰিস্থিতিক লৈ ৰাজ্যবাসী আশংকাত ভোগাৰ সময়তে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ স্পষ্ট ঘোষণা– এতিয়াও অভাৱ হোৱা নাই বিছনা আৰু অক্সিজেনৰ৷ শীঘ্রেই ৰাজ্যত সাজু হৈ উঠিব অতিৰিক্ত ৫০০ আইচিইউ আৰু অক্সিজেন বিছনা৷

ক’ভিড নিয়ন্ত্রণৰ বাবে যুদ্ধকালীন তৎপৰতাৰে সাজু হোৱা মন্ত্রীগৰাকীয়ে সর্বাধিক গুৰুত্ব দিছে ৰাজ্যত আইচিইউ আৰু অক্সিজেনৰ ব্যৱস্থা থকা বিছনাৰ সংখ্যা বৃদ্ধি কৰাত৷ এই উদ্দেশ্যে শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ত অনুষ্ঠিত হয় এক গুৰুত্বপূর্ণ বৈঠক৷ স্বাস্থ্য বিভাগ আৰু লোকনির্মাণ বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থকা এই বৈঠকতে গ্রহণ কৰা হয় কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷ বৈঠকতেই ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত আইচিইউ বিছনা বৃদ্ধিৰ লগতে অক্সিজেনৰ সুবিধা থকা বিছনাৰ সংখ্যা কিদৰে বৃদ্ধি কৰিব পাৰি আৰু ভেকচিন প্রদানৰ সংখ্যা বৃদ্ধিৰ প্রসংগতো আলোচনা হয়৷

বৈঠকৰ পিছতেই এই সন্দর্ভত বিস্তৃত তথ্য সদৰী কৰি মন্ত্রী ড০ শর্মাই ইয়াকো কয়– ক’ভিড আক্রান্তৰ চিকিৎসাৰ ক্ষেত্রত এতিয়ালৈ কোনো ব্যৱস্থাৰে নাটনিৰ অনুভৱ কৰা নাই৷ ক্রমাৎ বৃদ্ধি হোৱা সংক্রমণৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি জি এম চি এইচত ৫৬খন আৰু কালাপাহাৰত ২৪খন আইচিইউ বিছনা অচিৰেই সাজু কৰি তোলা হ’ব৷ ড০ শর্মাই অধিক তথ্য প্রকাশ কৰি কয়– জি এম চি এইচ আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়ৰ লগতে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত শুকুৰবাৰৰ পৰা কার্যকৰী হোৱাকৈ ৩২খন আইচিইউ বিছনা সাজু কৰা হৈছে৷

আনহাতে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ইতিমধ্যে সাজু হৈ উঠিছে ৬০খন আইচিইউ বিছনা৷ আনহাতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৬০খন আইচিইউ বিছনা সাজু কৰাৰ বাবে এক বিশেষ পদক্ষেপ গ্রহণ কৰা হৈছে৷ এইক্ষেত্রত সহায়ৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় সেনাৰ তেজপুৰস্থিত ফ’ৰ ক’ৰ৷ স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ সিনহাই এই বিষয়টোক লৈ ফ’ৰ ক’ৰৰ জি অ’ চিৰ সৈতে এক আলোচনাত মিলিত হৈছে৷ সেইমর্মে ভাৰতীয় সেনাই তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৬০খন আইচিইউ বিছনা সাজু কৰি দিব৷

আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালতো ইতিমধ্যে সাজু হৈ উঠিছে কেইবাখনো আইচিইউ বিছনা৷ মন্ত্রীগৰাকীয়ে আইচিইউ বিছনাৰ সমান্তৰালকৈ অক্সিজেনৰ ব্যৱস্থা থকা বিছনা এইবাৰ কেইবাখনো চিকিৎসালয়ত সাজু কৰি তোলাৰ কথাও আজি জানিবলৈ দিয়ে৷ সেই অনুসৰি জাগীৰোডত থকা হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ চিকিৎসালয়ত ৬০খন অক্সিজেন ব্যৱস্থা থকা বিছনা সাজু কৰি তোলা হৈছে৷ সমান্তৰালভাৱে মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয় হাস্পতালত ৭২খন সম্পূর্ণ হৈছে আৰু মইনাখোৰোং আদর্শ হাস্পতালত ৬০খন বিছনা অচিৰেই সাজু হ’ব৷

সেইদৰে পলাশবাৰীৰ পতঞ্জলি চিকিৎসালয়ত ১২০খন অক্সিজেন ব্যৱস্থা থকা বিছনা আজিৰে পৰা সাজু কৰি তোলা হ’ব৷ আইচিইউ আৰু অক্সিজেন ব্যৱস্থা থকা বিছনাসমূহ সাজু হৈ উঠিলে ক’ৰোনা আক্রান্ত ৰোগীক চিকিৎসাৰ ক্ষেত্রত যথেষ্ট সহায়ক হ’ব৷ ড০ শর্মাই কয়– বর্তমান পৰিস্থিতি যথেষ্ট জটিল যদিও ই আমাৰ হাতৰ পৰা ওলাই যোৱা নাই৷ আন এক দিশ উল্লেখ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ জানিবলৈ দিয়ে যে ডাউন টাউন বিশ্ববিদ্যালয়ৰ অধীনত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে থকা এটা বিল্ডিং ক’ভিড চিকিৎসালয়ৰ বাবে সাজু কৰি তোলা হ’ব৷ শেহতীয়াকৈ তাত ডাউন টাউন পেৰামেডিকেল কলেজৰ পাঠদান চলাই থকা হৈছিল যদিও ৪০০খন বিছনাৰ সুবিধাৰে এই চিকিৎসালয়খনৰ বাবে ইতিমধ্যে ৰাষ্ট্রীয় স্বাস্থ্য মিছনে যাৱতীয় কাম–কাজ আৰম্ভ কৰিছে৷

একেদৰে ডিফেন্স ৰিছার্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচন (ডি আৰ ডি অ’)ক ৩০০খন বিছনাৰ সুবিধা থকা এখন চিকিৎসালয় নির্মাণৰ বাবে স্বাস্থ্য বিভাগে ইতিমধ্যে জনোৱা অনুৰোধৰ প্রতি প্রতিষ্ঠানটোৱে সঁহাৰি জনাইছে৷ সেই অনুসৰি ডি আৰ ডি অ’ই কাইলৈ বুজাবুজি চুক্তি অসম চৰকাৰলৈ প্রেৰণ কৰিব৷ এই চুক্তি পর্যালোচনাৰ পিছত এই চিকিৎসালয়খন নির্মাণ কৰিব পৰা যাব৷ সকলো ঠিকে ঠাকে হ’লে ডি আৰ ডি অ’ৰ উদ্যোগত ২০ দিনৰ ভিতৰত অক্সিজেনৰ সুবিধা থকা চিকিৎসালয়খন ক’ভিড ৰোগীৰ বাবে নির্মাণ হ’ব৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ আজি ইয়াকো স্পষ্ট কৰে যে ক’ভিড ৰোগীৰ বাবে স্বাস্থ্য বিভাগে যুদ্ধকালীন তৎপৰতাৰে এই ব্যৱস্থাসমূহ উপলব্ধ কৰাৰ বাবে আগবাঢ়িছে যদিও বর্তমান পৰিস্থিতিত বিভাগে ক’ভিড ৰোগীৰ বাবে সমস্যাৰ সন্মুখীন হোৱা নাই৷ বিশেষকৈ বিছনা আৰু আইচিইউৰ সংকটে দেখা দিয়া নাই বর্তমানলৈকে৷ গুৱাহাটীত যিহেতু আক্রান্তৰ সংখ্যা ১,৫০০ৰ তলত আছে, গতিকে চিকিৎসালয়সমূহত কিছু হেঁচা বৃদ্ধি পাইছে৷ সেয়েহে সম্ভাব্য পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগ আগতীয়াকৈ সাজু হৈছে৷ মই ভাবোঁ, কণ্টেইনমেণ্ট জ’ন আৰম্ভ হোৱাৰ পিছত আক্রান্তৰ সংখ্যা কিছু হ্রাস পাব৷
বিমানযাত্রীৰ বাবে হ’ব নতুন এছ অ’ পি
অসমলৈ অহা বিমানযাত্রীৰ অধিকাংশৰে দেহত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত অধিক সতর্ক হৈছে স্বাস্থ্য বিভাগ৷ আজি কেইবাটাও এয়াৰলাইন্ছ প্রতিষ্ঠানৰ সৈতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত এক গুৰুত্বপূর্ণ আলোচনা হয়৷ এই আলোচনাত বিমানযাত্রীসকলক কিদৰে সুৰক্ষিতভাৱে অনা–নিয়া কৰা হৈছে, সেই দিশটোৰ ওপৰত আলোচনা কৰাৰ লগতে বিমানযাত্রীসকলৰ বাবে এক নতুন এছ অ’ পি জাৰি কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয়৷ ড০ শর্মাই এই সন্দর্ভত কয়– বিমানত অহা অধিকাংশ যাত্রীয়েই শেহতীয়াকৈ পজিটিভ হিচাপে চিনাক্ত হৈছে৷

সেয়েহে বিমানযাত্রীসকলক কিদৰে অনা–নিয়া কৰা হৈছে, এই দিশটো পর্যালোচনাৰ প্রয়োজন হৈছে৷ বিমানযাত্রীসকলক বিমানত উঠাৰ সময়ত ক’ভিড পৰীক্ষা কৰা হৈছে নে নাই অথবা তেওঁলোকক কিমান সুৰক্ষিতভাৱে অনা–নিয়া কৰা হৈছে, সেই দিশবিলাক নতুনকৈ চোৱাৰ প্রয়োজন আহি পৰিছে৷ সেয়েহে কাইলৈ বা পৰহিলৈ বিমানযাত্রীৰ বাবে এখন নতুন এছ’পি জাৰি কৰা হ’ব৷ আনহাতে অসমলৈ সকলো ধৰণৰ ৰে’লৰ যাত্রা ভাৰত চৰকাৰে বন্ধ কৰি দিয়া বুলি আজি মন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷ অহা ১৫ দিনলৈ কোনোধৰণৰ ৰে’ল অসমলৈ নাহে বুলিও তেওঁ কয়৷

Featured