কংগ্ৰেছীয়ে অৰুণোদয় ৰূপায়ণত বাধা দিলে গ্ৰহণ কৰা হব কঠোৰ ব্যৱস্থা

বিশেষ বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ “কংগ্ৰেছ দলৰ একাংশই অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ আহি পৰিছে৷ কোনো কংগ্ৰেছী লোকে অৰুণোদয় আঁচনি সূচাৰুৰূপে ৰূপায়ণত বাধা আৰূপ কৰিলে, অনিয়ম কৰি ধৰা পৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব” বুলি সংবাদ মাধ্যমত জনায় ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে ৷ ৰাজ্যজুৰি অৰুণোদয় ৩.০ ৰ শুভাৰম্ভণিৰ লগতে খাদ্য সুৰক্ষা আইনৰ অধীনত ১৯,৯২,১৬৭ গৰাকী নতুন হিতাধিকাৰী সংযোজন প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ ঢেকিয়াজুলিৰ ভোটপাৰা ষ্টেডিয়ামত মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত ডিজিটেল মাধ্যমেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি অৰুণোদয় ৩.০ৰ শুভাৰম্ভণিৰ লগতে খাদ্য সুৰক্ষা আইনৰ অধীনত ১৯,৯২,১৬৭ নতুন হিতাধিকাৰী সংযোজন প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰা অনুষ্ঠান প্ৰত্যক্ষ কৰে তিনি সহস্ৰাধিক ৰাইজে ৷স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাইজক সম্বোধন কৰি কয় যে,সমষ্টিটোৰ প্ৰতিখন গাঁৱত বুথ পৰ্যায়ত শীঘ্ৰেই ৰাইজৰ সভা অনুষ্ঠিত কৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰা হ’ব। অৰুণোদয় হিতাধিকাৰী বাচনিৰ নামত কোনোধৰণৰ অনিয়ম সহ্য কৰা নহ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে ।এই আঁচনি ৰূপায়ণত কোনোধৰণৰ কোনো মানুহে দুই নম্বৰী কৰিব নোৱাৰিব বুলি সকীয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে৷ কোনো কংগ্ৰেছী লোকে অৰুণোদয় আঁচনি ৰূপায়ণত বাধা আৰূপ কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব” বুলি সংবাদমাধ্যমত মন্তব্য কৰে বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে ৷বিজেপিৰ নেতা কৰ্মীসকলকো চৰকাৰী আঁচনি ৰূপায়ণত দুৰ্নীতি অনিয়ম সংঘটিত কৰিলে ৰেহাই দিয়া নহ’ব বৰঞ্চ তেওঁলোকৰ ওপৰতো কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী সিংহলে ৷গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ, ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়া নয়নজ্যোতি পাঠক, ঢেকিয়াজুলি পৌৰসভাৰ পৌৰপতি সুস্মিতা দেৱ প্ৰমুখ্যে তিনি সহস্ৰাধিক লোক উপস্থিত থাকে ।

প্ৰেৰক কল্পজ্যোতি নাথ