কৃতজ্ঞতা প’র্টেলেৰে অৱসৰৰ পিছদিনাই পেন্সন শিক্ষক–কর্মচাৰীক

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূর্ণ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ ৰাজ্যৰ শিক্ষক–কর্মচাৰীসকলৰ বাবে সুখবৰ৷ এতিয়াৰে পৰা অৱসৰৰ পিছদিনাই পেন্সন দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত বৃহস্পতিবাৰে অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে সেই সম্পর্কত গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ বৈঠকৰ অন্তত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে কিছুদিন পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই শিক্ষক–কর্মচাৰীসক্ যাতে অৱসৰৰ পিছদিনাই পেন্সন লাভ কৰে, তাৰ ব্যৱস্থা কৰাৰ ঘোষণা কৰিছিল৷  কেবিনেটে সেই ব্যৱস্থাক অনুমোদন দিয়ে৷ এতিয়াৰে পৰা শিক্ষক–কর্মচাৰীসকলক অৱসৰ গ্রহণৰ পূর্বে কৃতজ্ঞতা প’র্টেলৰ জৰিয়তে পেন্সনৰ বাবে আবেদন কৰিব পাৰিব৷ ইয়াৰ বাবে প্রত্যেক জিলাতেই এমট্র’নে বিদ্যালয়সমূহৰ পৰিদর্শক, জিলা প্রাথমিক শিক্ষা বিষয়াৰ কার্যালয়ত স্কেনাৰ মেচিনকে ধৰি একোটাকৈ পেন্সন সেৱা কেন্দ্র স্থাপন কৰিব৷

আন বিভাগৰ কর্মচাৰীৰ বাবেও এমট্র’নে পেন্সন সেৱা কেন্দ্র স্থাপন কৰিব৷ এতিয়াৰে পৰা সংশ্লিষ্ট শিক্ষক–কর্মচাৰীসকলক পেন্সন সেৱা কেন্দ্রৰ পৰা কৃতজ্ঞতা প’র্টেললৈ পেন্সনৰ বাবে পোনপটীয়াকৈ আবেদন কৰিব পাৰিব৷ সেই আবেদন পেন্সন সঞ্চালকালয় অথবা মহাগাণনিকৰ কার্যালয়লৈ যাব৷ পেন্সন সম্পর্কীয় ফাইল এতিয়াৰে পৰা শিক্ষা সঞ্চালকালয় বা সচিবালয়লৈ পঠিয়াব নালাগে৷ পূর্বতে একোজন অৱসৰপ্রাপ্ত শিক্ষক–কর্মচাৰীয়ে অৱসৰৰ পাঁচ বছৰ পর্যন্ত পেন্সন লাভ কৰা নাছিল৷ সেই সমস্যাৰ অৱসানৰ বাবেই প্রশাসনিক পর্যায়ত এনেদৰে সংস্কাৰ সাধন কৰা হৈছে৷ সেই অনুসৰি কলেজৰ অধ্যক্ষসকল যিহেতু ডিডিঅ’, সেয়ে তেওঁলোকে পোনপটীয়াকৈ পেন্সনৰ কাগজ–পাতি কৃতজ্ঞতা প’র্টেললৈ পঠিয়াব পাৰিব৷

আন ডিডিঅ’সকলকো সেই কর্তৃত্ব প্রদান কৰা হৈছে৷ একোজন শিক্ষক–কর্মচাৰীৰ অৱসৰৰ এবছৰ পূর্বেই পেন্সনৰ বাবে প্রস্তাৱ পঠিওৱাৰ কাম আৰম্ভ কৰিব পাৰিব৷ সেইদৰে পেন্সনাৰসকলে এক লাখৰ পৰা তিনি লাখ টকা পর্যন্ত ধন আদায় কৰাৰ পৰিমাণ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ বাবে চাৰিজন অতিৰিক্ত সঞ্চালক নিযুক্তি দিয়া হ’ব৷ পূর্বে পেন্সনাৰসকল জীৱিত হয় নে নহয়, প্রতিবছৰে পেন্সনাৰসকলে বেংকলৈ গৈ প্রমাণ–পত্র দিব লাগিছিল৷ এতিয়াৰে পৰা পেন্সনাৰ প’র্টেলৰ জৰিয়তে সেই কাম কৰিব পাৰিব৷ আনহাতে, আজিৰ কেবিনেটে অলিম্পিকত ব্রঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইক ডি এছ পি পদত নিযুক্তি দিয়াৰ প্রস্তাৱতো অনুমোদন জনায়৷ সেইদৰে অসম চৰকাৰে নাবার্ডৰ পৰা আৰ আই ডি এফৰ প্রকল্প ৰূপায়ণৰ বাবে ৫০৮.৬০ কোটি টকাৰ ঋণ লোৱাতো কেবিনেটে অনুমোদন জনায়৷ এই ঋণ সাত বছৰৰ ভিতৰত পৰিশোধ কৰিব৷ দুবছৰৰ মৰেট’ৰিয়ামত ২.৭৫ শতাংশত এই ঋণ গ্রহণ কৰিব৷

ইপিনে অসম খাদ্য আৰু অসামৰিক যোগান লিমিটেডক ৰাজ্যৰ কৃষকৰ পৰা নূ্যনতম সমর্থন মূল্য ১,৯৪০ টকাত প্রতি কুইণ্টল ধান ক্রয়ৰ বাবে ১৬০ কোটি টকাৰ ৱর্কিং কেপিটেল প্রদানতো এই কেবিনেটে অনুমোদন জনায়৷ সেইদৰে চলিত অক্টোবৰ মাহৰ পৰা অৰুণোদয় আঁচনি কনকাৰেঞ্চৰ আওতাৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ অনুৰূপ ধৰণে এই কেবিনেটে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ আসনৰ সংখ্যা ২০খনৰ পৰা ২৬খনলৈ বৃদ্ধিৰ সিদ্ধান্ত লয়৷ ইয়াৰে ২২গৰাকী সদস্য নির্বাচনযোগে বাছনি কৰা হ’ব আৰু চাৰিগৰাকীক মনোনীত কৰা হ’ব৷ অহা বছৰ ফেব্রুৱাৰী মাহত হ’বলগীয়া দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নির্বাচন এই বর্ধিত আসনত অনুষ্ঠিত হ’ব৷ সেইদৰে মিচিং ভাষা আৰু সংস্কৃতিৰ বিকাশ আৰু সংৰক্ষণৰ বাবে ২০০৫ চনত স্থাপন কৰা মিচিং ভাষা আৰু সংস্কৃতি গৱেষণা কেন্দ্রক দুই কঠা মাটি আবণ্টনৰ প্রস্তাৱত আজিৰ কেবিনেটে অনুমোদন জনায়৷ একেদৰে মহিলা আৰু শিশু কল্যাণৰ বাবে গঠিত বৰপেটা জিলা মহিলা সমিতিক দুই কঠা ১০ লেচা ভূমি আবণ্টনৰ প্রস্তাৱতো কেবিনেটে অনুমোদন জনায়৷

আনহাতে, বন বিভাগত ফৰেষ্ট গার্ড, গেম ৱাটছাৰৰ পৰা ডেপুটী ৰেঞ্জাৰ, গেমকীপাৰ আৰু ফিক্সড পে’ত কর্মৰত বিভাগটোৰ সকলো শাখাৰ ফ্রণ্টলাইন কর্মচাৰীক ইউনিফর্ম যোগানৰ প্রস্তাৱতো কেবিনেটে অনুমোদন জনায়৷ তেওঁলোকক বছৰি কমেও দুযোৰ ইউনিফর্ম যোগান ধৰাৰ লগতে হাণ্টিং শ্বু, গৰম কাপোৰ, ৰেইন কোট, টুপী আদি যোগান ধৰা হ’ব৷ একেদৰে ক’ৰোনাৰ ফ্রণ্টলাইন ৱর্কার্ছসকলক দুহেজাৰ টকাকৈ উদগনি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ অংগনৱাড়ী কর্মচাৰীসকলকো ৫০০ টকাকৈ দিয়া হ’ব৷