বেজালিৰ নামত কিশোৰীক যৌন নিৰ্যাতন ভণ্ড কবিৰাজৰ

🔷 ৰূপহীহাটৰ কাৱৈমাৰীত আৰক্ষীৰ জালত ইমৰান হুছেইন 

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰ : ৰূপহীহাটৰ কাৱৈমাৰীত আৰক্ষীৰ জালত পৰে এজন ভণ্ড কবিৰাজ। এগৰাকী ১৫ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ভণ্ড কবিৰাজ ইমৰান হুছেইনৰ বিৰুদ্ধে ৷ কাছখাইটীত থকা নিজৰ বাসগৃহত দীৰ্ঘদিন ধৰি চলাই আহিছিল বেজ-বেজালি । বেজালিৰ নামত বন্ধ কোঠালিৰ ভিতৰত কিশোৰীগৰাকীক আবদ্ধ কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীৰ পৰিয়ালে। পৰিয়ালৰ লোকৰ খবৰৰ ভিত্তিত কাছখাইতীৰ পৰা কাৱৈমাৰী আৰক্ষীয়ে আটক কৰে ভণ্ড বেজ ইমৰান হুছেইনক। ঘটনা সন্দৰ্ভত কাৱৈমাৰী আৰক্ষীয়ে ধৃত ইমৰান হুছেইনক জেৰা অব্যাহত ৰাখিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

Featured