বাঘবৰৰ সেউৰাৰ পাথাৰত লুইতৰ খহনীয়া

🔹 ৰামাপাৰা হাইস্কুল নদীত জাহ যোৱাৰ উপক্ৰম

নিয়মীয়া বাৰ্তা, ১১ জুলাই : বৰপেটাৰ বাঘবৰৰ সেউৰাৰ পাথাৰ গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ বিধ্বংসী খহনীয়া অব্যাহত আছে। উল্লেখযোগ্য যে বিগত এসপ্তাহে খহনীয়াত জাহ গৈছে উক্ত অঞ্চলৰ মানুহৰ ঘৰ-দুৱাৰৰ লগতে কৃষিপথাৰ। ইফালে, শীঘ্ৰেই খহনীয়া প্ৰতিৰোধ নকৰিলে ব্ৰক্ষ্মপুত্ৰত বিলীন হ’ব ৰামাপাৰা হাইস্কুলৰ লগতে সেউৰাৰ পাথাৰৰ বিস্তীৰ্ণ এলেকা । নদীৰ পৰা মাত্ৰ এশ মিটাৰ নিলগত থকা হাইস্কুলখন খহনীয়াত জাহ যোৱাৰ উপক্ৰম হোৱাত এতিয়া আতংকিত হৈছে নৈপৰীয়া ৰাইজ। ইফালে, খহনীয়া প্ৰতিৰোধত স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে নৈপৰীয়াই। সেয়ে এতিয়া নিৰুপায় ভুক্তভোগী খহনীয়াগ্ৰস্ত পৰিয়ালে মুখ্যমন্ত্ৰী তথা জলসম্পদ বিভাগক খহনীয়া ৰোধ কৰিবলৈ অনুৰোধ জনাইছে।

প্ৰেৰক আব্দুল আজিজ আহমেদ

Featured