ৰাষ্ট্রসংঘত ধ্বনিত হ’ব মিকিৰ বামুণী গ্রাণ্টৰ বেদনা

ভুৱা নথিৰে ১৫০০ কার্বি পৰিয়ালৰ কৃষিভূমি বণিকক দিয়াত ক্ষুব্ধ আইটছাৰ হুংকাৰ

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ নগাঁৱৰ মিকিৰ বামুণী গ্রাণ্টত এহেজাৰ বিঘা কৃষি ভূমি আজুৰ ছ’লাৰ কোম্পানীক গতাই দিয়াত হাহাকাৰ সৃষ্টি হৈছে অঞ্চলটোৰ ১৫০০ কার্বি পৰিয়ালৰ৷ নীতি–বহির্ভূতভাৱে চৰকাৰে জনজাতিবিৰোধী স্থিতি গ্রহণ কৰি দীর্ঘদিনে কার্বি লোকসকলে খেতি কৰি অহা এই ভূমি কোম্পানীটোক গতাই দিয়াৰ অভিযোগ কৰিছে সদৌ ভাৰত জনজাতি ছাত্র সন্থাৰ অসম শাখাই৷ আজি দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত সন্থাৰ উপদেষ্টা অৰিন্দম প্রিন্স পাংগিঙে কয় যে ভাৰতে স্বাধীনতা লাভ কৰাৰ পৰা বর্তমানলৈ ভূমিপুত্রসকল ভূমিহীন হৈ থাকিবলগীয়া হৈছে৷ কেন্দ্রীয় চৰকাৰৰ সবকা সাথ, সবকা বিকাশ নীতিয়ে এতিয়াও এই লোকসকলক সামৰি লোৱা নাই৷ বৰঞ্চ কার্বি লোকসকলে দীর্ঘদিনে খেতি কৰি অহা ভূমি ষড়যন্ত্রমূলকভাৱে কোম্পানীৰ হাতত গতাই দিয়াৰ ষড়যন্ত্র ৰচনা কৰিছে৷ এই চৰকাৰখনে জাতি–মাটি–ভেটি ৰক্ষাৰ শ্লোগান দি ইয়াৰ বিপৰীতেহে কাম কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়–‘মুখ্যমন্ত্রী এগৰাকী নিজেই জনজাতীয় লোক৷ কিন্তু তেওঁ খিলঞ্জীয়া কার্বি লোকসকলৰ পেটৰ ভাতমুঠিও কাঢ়ি ল’ব বিচাৰিছে৷ আৰক্ষীয়ে উক্ত ভূমি খালাচ কৰিবলৈ গৈ গর্ভৱতী মহিলাক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে৷ মাজনিশা আৰক্ষী আহি গাঁৱৰ সহজ–সৰল লোকসকলক বিভিন্ন ধৰণে অত্যাচাৰ কৰিছে৷ এতিয়া এনে পৰিৱেশে বিৰাজ কৰিছে যে সন্ধিয়াতে ভাত–পানী খাই গাঁওখনৰ পুৰুষসকল হাবিত লুকাই থাকিবলগীয়া হৈছে৷ কিয়নো নিশা হ’লেই আৰক্ষীয়ে গাঁওখনৰ পুৰুষসকলৰ ওপৰত অত্যাচাৰ চলায়৷’ ইফালে, একাংশই গাঁওবাসীৰ পৰা আপত্তিবিহীন প্রমাণ–পত্র (এন’চি) লাভ কৰিহে কোম্পানীয়ে মাটি দখল কৰিছে বুলি কৰা অভিযোগ সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে একাংশ দালালে চক্রান্তৰে বিভিন্ন প্রলোভন দেখুৱাই একাংশ লোকৰ পৰা উকা কাগজত চহী কৰাই লৈছে৷ পৰৱর্তী সময়ত এই উকা কাগজত কোম্পানী প্রতিষ্ঠা হ’লে কোনো আপত্তি নাই বুলি লিখি দাখিল কৰিছে৷

     এন’চি লাভ কৰাৰ পিছতহে কোম্পানী স্থাপন কৰাৰ বাবে আগবাঢ়িছে বুলি চলোৱা প্রচাৰ সম্পূর্ণ ভুৱা আৰু মিথ্যাচাৰ বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয়– ‘সহজ–সৰল কার্বি লোকসকলক দালালে আভুৱা–ভাঁৰি এনেধৰণৰ কাম কৰিছে৷ তেওঁলোকক কঠোৰ হাতেৰে দমন কৰিব লাগে৷ আমি ছ’লাৰ কোম্পানী স্থাপনৰ বিৰোধিতা নকৰোঁ৷ কিন্তু কার্বি লোকসকলে বছৰ বছৰ ধৰি খেতি কৰি অহা এই ভূমিত এই কোম্পানী স্থাপন কৰাটো নীতিগত নহয়৷ কোম্পানী স্থাপন হ’লে স্থানীয় সর্বাধিক ১০জন লোকে সংস্থাপন লাভ কৰিব৷ আন লোকসকলে কিদৰে পৰৱর্তী পর্যায়ত খেতিৰ মাটি হেৰুৱাই জীৱন নির্বাহ কৰিব৷ সেয়া এই মুহূর্তত সবাতোকৈ ডাঙৰ প্রশ্ণ৷’ সংবাদ মেলত লাইকা–দধিয়াত ভূমিৰ অধিকাৰ লাভ নকৰাকৈ অতি দুর্বিষহ জীৱন কটোৱা মিচিং পৰিয়ালসমূহৰ কথা ভাবিবলৈ চৰকাৰক সংগঠনটোৱে দাবী উত্থাপন কৰে৷ বিগত ১৬ দিন ধৰি এই পুহমহীয়া জাৰত আন্দোলন কৰি থকা সত্ত্বেও লাইকা–দধিয়াবাসীৰ দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰ আগবাঢ়ি নহাত দুখ প্রকাশ কৰি পাংগিঙে কয়– ‘হিন্দু–বাংলাদেশী শৰণার্থীৰ বাবে চৰকাৰে অট্টালিকা নির্মাণ কৰিছে৷ কিন্তু লাইকা–দধিয়াবাসীয়ে টম্বুৰ তলত থাকি আন্দোলন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ খোৱা–বোৱাৰ পর্যাপ্ত সা–সুবিধা তেওঁলোকে লাভ কৰিব পৰা নাই৷ তৃতীয় শ্রেণীৰ নাগৰিকৰ দৰে জীয়াই থাকিবলগীয়া হৈছে এই লোকসকলে৷ সেয়েহে চৰকাৰে জাতি–মাটি আৰু ভেটিৰ ৰক্ষাৰ শ্লোগান বিবেকক সুধি আওৰাব লাগে৷’

লক্ষণীয় যে এই দুয়োটা বিষয়ক লৈ জাতীয় দল–সংগঠনসমূহ আগবাঢ়ি নহাত আক্ষেপ প্রকাশ কৰি পাংগিঙে কয় যে কৃষক মুক্তি সংগ্রাম সমিতি, আছুৰ দৰে সংগঠনৰ নেতাসকল এতিয়া নিজৰ ৰাজনৈতিক কেৰিয়াৰ গঢ়াত ব্যস্ত৷ যিধৰণে এই সংগঠনসমূহে খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ সমস্যাক লৈ আগবাঢ়ি আহিব লাগিছিল, সেই ধৰণে সক্রিয় হোৱা দেখা নাই৷ সেয়েহে এই সমস্যা সমাধান নকৰিলে শীঘ্রে ৰাজ্যজুৰি তীব্র আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে সন্থাই৷ ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীলৈ এই সন্দর্ভত তেওঁলোকে শীঘ্রে প্রেৰণ কৰিব স্মাৰক–পত্রও৷ ইয়াৰ পিছতো ব্যৱস্থা গ্রহণ নকৰিলে সমগ্র বিষয়টো ৰাষ্ট্রসংঘৰ মজিয়ালৈ লৈ যাব বুলি হুংকাৰ দিয়ে পাংগিঙে৷ আজিৰ সংবাদ মেলত জনজাতি ছাত্র সন্থাৰ সভাপতি সুনীল কুমাৰ টেৰণ আৰু সাধাৰণ সম্পাদক প্রাণজিৎ দৈমাৰী উপস্থিত থাকে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে মিকিৰ বামুণী গ্রাণ্টৰ ভূমি বহিৰাগত প্রতিষ্ঠানত গতাই দিয়াৰ ষড়যন্ত্রৰ বিষয়ে সবিস্তাৰে প্রতিবেদন প্রকাশ পাইছিল ‘নিয়মীয়া বার্তা’ত৷ যুগ যুগ ধৰি ভোগ কৰি অহা ভূমিৰ পট্টা কার্বি লোকসকলক প্রদান কৰাৰ বিপৰীতে আজুৰ ছ’লাৰ কোম্পানীক গতাই দিয়াৰ ফলত এই লোকসকলৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিব বুলিও প্রকাশ পাইছিল ‘নিয়মীয়া বার্তা’ত৷ ইয়াৰ মাজতে আজি ছাত্র সংগঠনটোৱে একেটা বিষয় পুনৰ সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ কৰা কার্যই বিষয়টোৰ গভীৰতা আৰু গুৰুত্বক পুনৰ এবাৰ প্রতিষ্ঠা কৰিলে৷ এইক্ষেত্রত চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰে সেয়া হ’ব লক্ষণীয়৷