পত্নীক হত্যা কৰি চৰম পথ বাছি ল’লে আৰক্ষী জোৱানে

🔹 লখিমপুৰত চাঞ্চল্যকৰ ঘটনা

🔹 জীয়ৰী-পুত্ৰক ঘৰৰ ভিতৰত আবদ্ধ কৰি সংঘটিত কৰে অঘটন

বিশেষ বাৰ্তা, ২ ছেপ্টেম্বৰ : লখিমপুৰত আজি নিচেই পুৱাতে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এজন আৰক্ষী জোৱানে নিজৰ পত্নীক ঘপিয়াই হত্যা কৰি নিজেও চৰম পথ বাছি লয়। লখিমপুৰ নগৰৰ সমীপৰ বড়িমূৰীৰ বৰবচাত ঘটে এই চাঞ্চল্যকৰ ঘটনা। বসন্ত শইকীয়া নামৰ অসম আৰক্ষীৰ লেন্সনায়ক এজনে প্ৰথমে চোকা অস্ত্ৰৰে হত্যা কৰে পত্নীক। তাৰ পিছত বসন্ত শইকীয়াই নিজেও ঘৰৰ পানী টেংকিত চৰম পথ বাছি লয়। পুৱা প্ৰায় চাৰি বজাত সংঘটিত হয় এই ঘটনাটো।বসন্ত শইকীয়াই জীয়ৰী আৰু পুত্ৰক ঘৰৰ ভিতৰতে আবদ্ধ কৰি বাহিৰৰ পৰা তলা মাৰি সংঘটিত কৰে এই ঘটনা। মাতৃৰ মৰণকাতৰ আৰ্তনাদ শুনি পুত্র-কন্যাই চিঞৰ-বাখৰ কৰাত প্ৰতিবেশী আহি তেওঁলোকক ভিতৰৰ পৰা উলিয়াই আনে। বসন্ত শইকীয়াৰ পত্নীৰ নাম হিৰণ শইকীয়া। গৃহ কন্দলৰ কৰুণ পৰিণতিত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে অসম আৰক্ষীৰ লেন্সনায়ক বসন্ত শইকীয়া লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত সংলগ্ন পি আই কৰ্টত এবছৰ মানৰ পৰা কৰ্মৰত হৈ আছিল। তেওঁ আজি কাহিলি পুৱাতে উঠি এই অঘটন সংঘটিত কৰে। এটা পানীৰ টেংকিত মূৰটো সুমুৱাই ৰখা অৱস্থাত বসন্ত শইকীয়াৰ মৃতদেহ উদ্ধাৰ কৰা হয়। উল্লেখ্য যে পত্নীক হত্যা কৰা স্থানৰ কাষতে তেওঁৰ মৃতদেহটো উদ্ধাৰ হয়। সেই স্থানৰ সমীপতে কোনো বিষাক্ত দ্ৰব্যৰ গোন্ধ থকা এটা গিলাচ উদ্ধাৰ হয়। এই লৈ একাধিক সন্দেহৰ উদ্ৰেক হৈছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত দাখন জব্দ কৰিছে। আনহাতে, তেজৰ নমুনা সংগ্রহ কৰি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে বসন্ত শইকীয়া ক্ৰীড়া ক্ষেত্রতো জড়িত আছিল। ঘাইকৈ তেওঁ কাৰাটেৰ লগত জড়িত আছিল। তেওঁ নিজে ৰাজ্যিক পৰ্যায়ৰ কাৰাটে খেলুৱৈ আছিল। বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত তেওঁ বিচাৰকৰ আসন অলংকৃত কৰিছিল। বিভাগীয় কৰ্মক্ষেত্ৰতো তেওঁ এজন সুদক্ষ আৰক্ষী জোৱান বুলি সুনাম আছে। তেনে এজন লোকে এনে ভয়ংকৰ ঘটনা কিয় সংঘটিত কৰিলে, সেয়া অবুজ সাঁথৰ। ঘটনাটোৱে কেৱল চাঞ্চল্য সৃষ্টি কৰাই নহয়, এক শোকৰ পৰিৱেশো সৃষ্টি কৰিছে।

প্ৰেৰক জীৱন গোস্বামী

Featured