ধুবুৰীত বিপদসংকুল নাওযাত্ৰা : ইতিহাসৰ পৰা শিক্ষা লবনে আভ্যন্তৰীণ জল পৰিবহণে

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ শোকাবহ নাও দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাৰ পৰাও শিক্ষা নললে নেকি আভ্যন্তৰীণ জল পৰিবহন বিভাগ আৰু প্ৰশাসনে ? ধুবুৰীৰ বৰ লুইতত বৰ্তমানেও অব্যাহত থকা বিপদসংকুল নাওযাত্ৰা অব্যাহত থকালৈ চাই উত্থাপিত হোৱা পোৱা গৈছে এই প্ৰশ্নৰ। উল্লেখ্য যে, বিগত ২৯ ছেপ্টেম্বৰৰ দিনা ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী আমিনেৰ চৰৰ সমীপৰ বৰলুইতত সংঘটিত হোৱা এক নাও দুৰ্ঘটনাত নিৰূদ্দেশ হৈ পৰিছিল ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস। সেই দূৰ্ঘটনাটোৰ চাৰিদিন পিছত, অৰ্থাৎ ২ অক্টোবৰৰ দিনা নৈখনত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল বিষয়াগৰাকীৰ নিথৰ দেহ। দূৰ্ঘটনাটোৰ পিছত নাওখনৰ যাত্ৰীৰ সংখ্যা অথৱা দূৰ্ঘটনাটোত নিৰূদ্দেশ হোৱা যাত্ৰীৰ সংখ্যাক লৈ প্ৰথমাৱস্থাত বিবুধিত পৰা দেখা গৈছিল প্ৰশাসনে। পোহৰলৈ আহিছিল দূৰ্ঘটনাগ্ৰস্ত হোৱা নাওঁখনত যাত্ৰী সুৰক্ষাৰ নুন্যতম সাঁ-সজুলি নথকাৰ বিষয়টোও। উল্লেখনীয় যে, ১০ বছৰ পূৰ্বে ২০১২ চনত ৩০ এপ্ৰিলৰ দিনটোতে সংঘটিত হৈছিল ৰাজ্যৰ আটাইতকৈ ভয়াৱহ নাওঁ দূৰ্ঘটনাটো৷ সিদিনা ধুবুৰী চহৰৰ বৰলুইতত যোগমায়া পাৰঘাটৰ পৰা ব্ৰহ্মপুত্ৰইদি বিয়লি ৩টা মান বজাত মেদেৰটাৰী অভিমুখে যাত্ৰা কৰিছিল পাঁচ ভাই’ নামৰ লেছী চালিত লঞ্চ এখন। যাত্ৰাৰম্ভ কৰাৰ আনুমানিক প্ৰায় ডেৰ ঘন্টা মান পিছত ফুট গধূলীত সংঘটিত হৈছিল সেই দূৰ্ঘটনাটো। এক প্ৰচণ্ড ধুমুহাত খণ্ড বিখণ্ড হৈ লঞ্চখনৰ ৪৭ গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। দূৰ্ঘটনাটোৰ পিছত দূৰ্ঘটনাগ্ৰস্ত সেই লঞ্চখনৰ সম্ভাব্য যাত্ৰীসংখ্যাক লৈ সৃষ্টি হৈছিল বিভ্ৰান্তিৰ। কিয়নো লেছী নিয়ন্ত্ৰণাধীন ধুবুৰীৰ যাত্ৰীবাহী লঞ্চবোৰৰ অধিকাংশতে নাছিল যাত্ৰীৰ কোনো ধৰণৰ টিকটৰ ব্যৱস্থা। ফলত সিদিনা দূৰ্ঘটনাত পতিত হোৱা লঞ্চখনত দৰাচলতে কিমান যাত্ৰী আছিল সেই সংখ্যাক লৈ প্ৰথমাৱস্থাত বিপাঙত পৰা দেখা গৈছিল জিলা প্ৰশাসনকে ধৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগে। ইফালে মেদেৰটাৰীৰ সেই দূৰ্ঘটনাটোৱে লেছী নিয়ন্ত্ৰাধীন সেই লঞ্চখনে যাত্ৰীৰ উপৰিও বহন ক্ষমতাতকৈ অধিক সামগ্ৰী কঢ়িওৱা বুলিও উন্মোচিত হৈছিল। পোহৰলৈ আহিছিল ধুবুৰীৰ ব্ৰহ্মপুত্ৰইদি চলাচল কৰা লেছী চালিত যাত্ৰীৱাহী, মালৱাহী লঞ্চ আৰু ভূটভূটিবোৰৰ অধিকাংশৰে বিভাগীয় অনুজ্ঞাপত্ৰ নথকাৰ বিষয়টোও। দূৰ্ঘটনাটোৰ পিছত দূৰ্ঘটনাগ্ৰস্থ সেই লঞ্চখনৰ বিভাগীয় অনুজ্ঞা পত্ৰকে ধৰি বীমাকৰণ নথকাৰ বিষয়টোও পোহৰলৈ আহিছিল। মেদেৰটাৰীৰ সেই দূৰ্ঘটনাটোৰ পিছত তদানীন্তন ৰাজ্য চৰকাৰখনকে ধৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগে ধুবুৰীৰ বৰলুইতত চলাচল কৰি থকা লেছী চালিত লঞ্চ আৰু ইঞ্জিন চালিত যাত্ৰীৱাহী ভূটভূটীবোৰৰ বাবে কেতবোৰ নিয়ম বান্ধি দিছিল। সম্প্ৰতি সংঘটিত যোৰহাটৰ নিমাতীঘাটৰ শোকাৱহ ফেৰী দূৰ্ঘটনাটোৰ পিছত ৰাজ্যজুৰি মেৰাইন অথৱা দ্বৈত ইঞ্জিন চালিত নাওঁৰ বাহিৰে অইন সকলো ধৰণৰ ফেৰী–লঞ্চ–নাও চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰী কৰিছিল ৰাজ্য চৰকাৰে। অৱশ্যে ধুবুৰী চহৰৰ যোগমায়া পাৰঘাটলৈ নিতৌ দূৰদূৰণিৰ পৰা অহাযোৱা কৰা অধিকাংশ লেছী চালিত লঞ্চত বৰ্তমানে মেৰাইন ইঞ্জিন লগোৱা হৈছে যদিও ধুবুৰীলৈ সদায় অহা-যোৱা কৰা অধিকাংশ সৰু-বৰ ভূটভূটিবোৰৰ অধিকাংশতে মেৰাইন ইঞ্জিন আছে নে নাই সেয়া লেও সন্দেহৰ অৱকাশ থকা বুলিয়েই কিন্তু মত ভূৰখা একাংশ। উল্লেখ্য যে, মেদেৰটাৰীৰ সেই শোকাবহ দূৰ্ঘটনাটোৰ মূল কাৰকৰূপে চিহ্নিত হৈছিল লেছী নিয়ন্ত্ৰাধীন সেই লঞ্চখনে যাত্ৰীৰ উপৰিও বহন ক্ষমতাতকৈ অধিক সামগ্ৰী কঢ়িওৱাৰ বিষয়টো। তদুপৰি যাত্ৰী সুৰক্ষাৰ কোনো ধৰণৰ নুন্যতম আহিলা-পাতি নথকাৰ বাবেই সিদিনাৰ দূৰ্ঘটনাটোত ইমান যাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল নেকি সেই সময়ত উত্থাপিত হৈছিল প্ৰশ্নৰো। ঠিক অনুৰূপে, মেদেৰটাৰীৰ দূৰঘটনাত পতিত হেৱা সেই লঞ্চখনৰ দৰেই এগৰাকী কৰ্তৱ্যৰত চৰকাৰী বিষয়াই প্ৰাণ হেৰুওৱা তথা আমিনেৰ চৰৰ সমীপত বৰলুইতত দূৰ্ঘটনাগ্ৰস্ত হোৱা সেই ভূটভূটিখনতো যাত্ৰী সুৰক্ষাৰ নুন্যতম সাঁ-সজুলি নাছিল। তদুপৰি ১০ বছৰ পূৰ্বে ধুবুৰীৰ যোগমায়া পাৰঘাটৰ পৰা যাত্ৰা কৰি মেদেৰটাৰী সেই শোকাবহ দূৰ্ঘটনাত পতিত হোৱা সেই লেচি চালিত লঞ্চখনৰ দৰেই এই পাৰঘাটটোৰে অহাযোৱা কৰা অধিকাংশ লেচি চালিত যাত্ৰীবাহী লঞ্চত আজিও যাত্ৰীকে ধৰি বিভিন্ন বয়বস্তু লৈ যাতায়াত কৰি আছে বৰলুইতেৰে। আনকি সেই লঞ্চবোৰৰ অধিকাংশতে যাত্ৰীৰ সংখ্যা অনুপাতে জীৱন সুৰক্ষাৰ সাঁ-সজুলি আছে নে নাই সেয়াও কিন্তু সন্দেহৰ উৰ্ধত নহয়। ফলত আজিও ধুবুৰীৰ বৰলুইতেৰে অব্যাহত আছে বিপদসংকুল নাওঁযাত্ৰা। এনে প্ৰেক্ষাপটত স্বাভাৱিক ভাৱেই এতিয়া প্ৰশ্ন এয়াই যে ধুবুৰী বিভিন্ন ঘাটৰ পৰা বৰলুইতত চলাচল কৰা লেচি চালিত লঞ্চ আৰু পঞ্চায়ত নিয়ন্ত্ৰাধীন পাৰঘাটসমূহ পৰা ধুবুৰীৰ বিভিন্ন পাৰঘাটলৈ অহাযোৱা কৰা ভূটভূটিবোৰক চৰকাৰী নিয়ম মানি যাতায়াত কৰিবলৈ ৰাজ্য চৰকাৰৰ বিয়াগোম আভ্যন্তৰীণ জল পৰিবহন বিভাগকে ধৰি প্ৰশাসনে বাধ্য কৰিব নোৱাৰাৰ কাৰণ কি বুলিয়েই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured