জাগীৰোডত ঘুনুচা প্ৰাথমিক বিদ্যালয়ত অনুপ্ৰেৰণাৰ দিন উদযাপন

🔹 ধীমান অনুপ্ৰেৰণামূলক বঁটা প্ৰদান, হাতেলিখা আলোচনী উন্মোচন

নিয়মীয়া বাৰ্তা,  ২২ মে’ : ঘুনুচা প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সহযোগত আজি অনুপ্ৰেৰণাৰ দিন উদযাপন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে পৰিচালনা সমিতিৰ সভানেত্ৰী মধুস্মিতা শইকীয়াই বন্তি প্ৰজ্বলন কৰাৰ লগতে প্ৰধান শিক্ষয়িত্ৰী মালা বৰা তামুলীয়ে স্মৃতি তৰ্পণ কৰে। প্ৰাক্তন ছাত্ৰী উৰিষ্মা ৰয়ে আঁত ধৰা অনুষ্ঠানত শিক্ষয়িত্ৰী জুতিকা কলিতাই শ্লোক পৰিৱেশন কৰে।  আনহাতে, অনুষ্ঠানত ২০২৩-২৪ শিক্ষাবৰ্ষৰ বিদ্যালয়ৰ মেধাৱী ছাত্ৰী তনয়া মজুমদাৰক ৰাজ্যিক কৃতী শিক্ষক বঁটাৰে সন্মানিত প্ৰধান শিক্ষক গোলাপ চন্দ্ৰ শইকীয়া সোঁৱৰণী ধীমান অনুপ্ৰেৰণামূলক বঁটা প্ৰদান কৰে। বঁটাত আছে গামোচা, স্মাৰক, মানপত্ৰ, নগদ ধন আৰু কিতাপৰ টোপোলা। তদুপৰি অনুষ্ঠানত জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বিদ্যালয়ৰ কেইবাগৰাকীও প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে, অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই কয়- অনুপ্ৰেৰণা এটা গুৰুত্বপূৰ্ণ বিষয়। আমাক অনুপ্ৰেৰণা লাগে। ছাত্ৰ-ছাত্ৰীক অনুপ্ৰেৰণা দিবলৈ এনেদৰে অনুষ্ঠান আয়োজন কৰাটো প্ৰশংসনীয়। ভাষণত শিক্ষা বিষয়াগৰাকীয়ে ঘুনুচা প্ৰাথমিক বিদ্যালয়ক আদৰ্শ সমাজৰ আদৰ্শ বিদ্যালয় বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক শিপা খামুচি, প্ৰত্যাহ্বান নেওচি জীৱনৰ বাটত আগবাঢ়িবলৈ আহ্বান জনায়। অনুষ্ঠানত মায়ং শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লেখামণি হীৰা, বিদ্যালয়সমূহৰ সহ:পৰিদৰ্শক জ্যোতিষ দাস, জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰণ্টুমণি শইকীয়াই সাৰুৱা বক্তব্য আগবঢ়ায়। অনুষ্ঠানত জাগীৰোড মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সাগৰ ঢুংগেল, অৱসৰপ্ৰাপ্ত শিক্ষক নবীন চন্দ্ৰ দেউৰী, শিক্ষক জাণ্টুমণি শইকীয়া, শিক্ষয়িত্ৰী মামণি পাটৰ শইকীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক উপস্থিত থাকে। অনুষ্ঠানত শিক্ষয়িত্ৰী ৰীতা দলৈ সম্পাদিত বিদ্যালয়ৰ হাতেলিখা আলোচনী ‘অনুশীলন’ৰ প্ৰস্তাৱনা সংখ্যাটি উন্মোচন কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই। উল্লেখযোগ্য যে ঘুনুচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰয়াত প্ৰধান শিক্ষক গোলাপ চন্দ্ৰ শইকীয়াৰ পৰিয়ালৰ বিশেষ সহযোগত বিদ্যালয়খনে ২০১৯ চনৰ পৰাই অনুপ্ৰেৰণাৰ দিনত ধীমান অনুপ্ৰেৰণামূলক বঁটা প্ৰদান কৰি আহিছে।

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

Featured