গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ জুনঃ আজি কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীৰ ভিতৰত থকা মুকলি মঞ্চত দুই শতাধিক কাৰাবাসী আৰু কৰ্মচাৰীৰ উপস্থিতিত কাৰাগাৰ বিভাগ, আয়ুস মিছন অসম আৰু সদৌ অসম যোগ ক্ৰীড়া সন্থাৰ সহযোগত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। সমূহীয়া যোগ অনুশীলন কাৰ্যসূচীত সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি বিকাশ গোস্বামী, কাৰাগাৰ অধীক্ষক উৎপল দুৱৰা উপস্থিত থকাৰ লগতে কাৰাধ্যক্ষ দেৱ কমল বৰুৱাই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰাসংগিকতা উল্লেখ কৰি সকলোকে শুভকামনা জ্ঞাপন কৰাৰ পিছতে যোগ প্ৰাৰ্থনা উচ্চাৰণ কৰি সমূহীয়া যোগ অনুশীলন আৰম্ভ কৰা হয়। যোগ কাৰ্যসূচী পৰিচালনা কৰি যোগবিদ হৰিপ্ৰসাদ তালুকদাৰে কয় যে সাম্প্ৰতিক সময়ত দেখা দিয়া বিভিন্ন ৰোগ ব্যাধিৰ লগতে মানসিক চাপৰ পৰা মুক্তি লাভৰ সহজ উপায় হল যোগ অভ্যাস। কাৰাবাসীৰ জীৱনৰ বাবে যোগ অভ্যাস আৰু বেছি জৰুৰী। কাৰ্যসূচীত সহযোগ কৰে যোগ শিক্ষক খনিন নাথ আৰু নিৰুপমা কলিতাই।

Featured