চলিত শিক্ষাবৰ্ষৰ পৰাই নতুন ঐচ্ছিক বিষয় ‘কৃত্ৰিম বুদ্ধিমত্তা-ৰবটিকছ’

🔹 অসম মাধ্যমিক শিক্ষা পৰিষদৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

বিশেষ বাৰ্তা, ২৮ এপ্ৰিল  : চলিত শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ পাঠ্যক্রমত ঐচ্ছিক বিষয় হিচাপে সন্নিৱিষ্ট হ’ব ‘কৃত্রিম বুদ্ধিমত্তা আৰু ৰবটিকছ’। অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) চলিত শিক্ষাবৰ্ষৰ পৰাই (২০২৪-২৫ শিক্ষাবৰ্ষ) পৰীক্ষা ব্যৱস্থাত কেতবোৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটাইছে। অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) এখন জাননীযোগে ঘোষণা কৰিছে এই কথা। এই সন্দৰ্ভত পৰিষদে জাৰি কৰা অধিসূচনা অনুসৰি চলিত শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীত আৰু ২০২৫-২৬ বৰ্ষৰ পৰা দশম শ্ৰেণীত “কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ” নামেৰে নতুন ঐচ্ছিক বিষয় সন্নিৱিষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই নতুন ঐচ্ছিক বিষয়ৰ পাঠ্যপুথিৰ পি ডি এফ সংস্কৰণ (PDF version) পৰিষদৰ ৱেবছাইট www.sebaonline.orgত উপলব্ধ হ’ব। একেদৰে, পাঠ্যপুথিখন ডাউনলোড কৰিবও পাৰিব। সমান্তৰালভাৱে পাঠ্যপুথিখন মুকলি বজৰতো উপলব্ধ হ’ব। অধিসূচনাখনত পৰিষদে পুনৰ উল্লেখ কৰা অনুসৰি চলিত শিক্ষাবৰ্ষৰ পৰা সকলো বৃত্তিমুখী পাঠ্যক্ৰমৰ ব্যৱহাৰিক নম্বৰ হ’ব ৫০ শতাংশ। অন্যান্য বৃত্তিমুখী বিষয় গার্মেন্ট ডিজাইনিং, উডক্রাফট, মিউজিক নৃত্য, যোগ, শাৰীৰিক শিক্ষা, ফাইন আর্ট, গৃহ বিজ্ঞান আদিতো ৫০ শতাংশ ব্যৱহাৰিক নম্বৰ সন্নিৱিষ্ট হ’ব। অৱশ্যে কম্পিউটাৰ বিজ্ঞান আৰু বাণিজ্যৰ ব্যৱহাৰিক নম্বৰ পূৰ্বৰ দৰেই ৩০ শতাংশ থাকিব। ইপিনে, নৱম আৰু দশম শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষাসমূহ জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা কমিটীয়ে নিয়ন্ত্ৰণ কৰিব। কেন্দ্ৰ ভিত্তিত ব্যৱহাৰিক পৰীক্ষা গ্রহণ কৰা নিয়ম এইবাৰৰ পৰা নাইকিয়া হ’ব বুলি ছেবাৰ জাননীখনত প্রকাশ কৰিছে। আনহাতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত এম চি কিউ আৰু বর্ণনামূলক প্রশ্নকাকতৰ দুয়োটা খণ্ডত পৰীক্ষার্থীয়ে উত্তীর্ণ হোৱাটো বাধ্যতামূলক হ’ব। ইপিনে, আগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অ’ এম আৰ শ্বীট এ বি চি আৰু ডি হিচাপে চাৰিটা ‘ছেট’ থাকিব। ইংৰাজী আৰু অন্যান্য ভাষাকেন্দ্রিক বিষয়সমূহৰ প্ৰশ্ন পাঠ্যপুথিকেন্দ্ৰিক অধ্যায়ৰ পৰা অহাটো বাধ্যতামূলক নহয়। প্রশ্নবোৰ শৈক্ষিক মান বৃদ্ধিৰ বাবে সন্নিৱিষ্ট কৰা হ’ব। বিজ্ঞান আৰু গণিতৰ প্ৰশ্নসমূহ পাঠ্যপুথিৰ পৰা প্রত্যক্ষভাৱে দিয়া নহয়।

Featured