আইপিএল জুৱাত সৰ্বস্বান্ত শুৱালকুছি-বংশৰ-শিঙিমাৰীৰ যুৱপ্ৰজন্ম

বিশেষ বাৰ্তা, ১০ মে’ : বৰ্তমান দেশত  আই পি এল ক্ৰিকেটৰ উন্মন্দনা। দেশৰ লগতে অন্য দেশৰো ক্ৰিকেট তাৰকাৰ সমহাৰে আকৰ্ষিত কৰিছে প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীক। ক্ৰিকেটৰ এই মহাৰণৰ লগতে এফালে বৃদ্ধি পাইছে এখন অঘোষিত জুৱাৰ খেল। আই পি এল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হয় কোটি কোটি টকাৰ জুৱা খেল। প্ৰথম অৱস্থাত আই পি এল জুৱা নগৰ অঞ্চলত সীমাবদ্ধ আছিল যদিও এতিয়া গ্ৰাম্য অঞ্চলতো দেখা গৈছে আই পি এল ক্ৰিকেট জুৱা। কামৰূপৰ শুৱালকুছি তথা দাতিকাষৰীয়া অঞ্চলতো গঢ় লৈ উঠিছে আই পি এল ক্ৰিকেট জুৱাৰী। আই পি এল ক্ৰিকেট আৰম্ভ হোৱাৰ সমন্তৰালকৈ শুৱালকুছি থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত জুৱা খেল হোৱা বুলি অভিযোগ উত্থাপন কৰিছে সচেতন ৰাইজে। বিশেষকৈ নৱ প্ৰজন্মৰ একাংশ যুৱকৰ লগতে কণ কণ ছাত্ৰসকলৰ মাজত দেখা গৈছে আই পি এল  ক্ৰিকেট খেলক কেন্দ্ৰ কৰি জুৱাৰ প্ৰৱণতা। অভিযোগ অনুসৰি  দৈনিক লাখ লাখ টকাৰ জুৱা খেল চলিছে শুৱালকুছি তথা দাতিকাষৰীয়া বংশৰ, শিঙিমাৰী, দদৰা, বাথান আদি অঞ্চলত। নগদ ধনৰ লগতে স্মাৰ্টফোনৰ জৰিয়তেও চলিছে এই আই পি এল ক্ৰিকেট জুৱা। কিছুবছৰ পূৰ্বে শুৱালকুছি আৰক্ষীয়ে আই পি এল ক্ৰিকেটৰ জুৱাৰ বিৰুদ্ধে অভিযান চলাই ক্ৰিকেট জুৱাত জড়িত কেইবাজন যুৱকক আটক কৰিছিল। কিন্তু শেহতীয়াভাৱে শুৱালকুছি আৰক্ষীৰ নৰম স্থিতিৰ বাবে পুনৰ শুৱালকুছি তথা নিকটৱৰ্তী অঞ্চলত গঢ় লৈ  উঠিছে যুৱ প্ৰজন্মক ধ্বংস মুখলৈ ঠেলি দিয়া আই পি এল ক্ৰিকেটৰ জুৱা।আৰক্ষী প্ৰশাসনক কেৰেপ নকৰি একাংশ বুকীয়ে এই আইপিএলৰ জুৱাত উঠি অহা নৱপ্ৰজন্মক জড়িত কৰাৰ অভিযোগ সচেতন ৰাইজৰ। এইক্ষেত্ৰত কামৰূপ জিলা প্ৰশাসন তথা শুৱালকুছি আৰক্ষীক আইপিএলৰ ক্ৰিকেট খেলৰ নামত চলা জুৱাৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ  দাবী জনাইছে দল সংগঠন তথা সচেতন মহলে ৷
প্ৰেৰক দিলীপ মেধি
Featured