সোণাৰিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত অনিয়ম

🔹 গৃহ সম্পূৰ্ণ নকৰাকৈয়ে ধন আত্মসাতৰ অভিযোগ

🔹 হিতাধিকাৰীৰ একাউণ্টৰ ধন উলিয়াই নিলে মধ্যভোগীয়ে

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰ : দৰিদ্ৰ পৰিয়ালক চৰকাৰে PMAY গৃহ দিছে ঠিকেই, কিন্তু তাৰ মাজতো একাংশ সুবিধাবাদী লোকে এইসমূহ দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ নিৰ্মাণত কৰি আহিছে বিয়াগোম কেলেংকাৰি ৷ যাৰ ফলত এটি সপোনৰ বাসগৃহ লাভ কৰাত বাধাৰ সন্মুখীন হ’ব লগাত পৰিছে হিতাধিকাৰীসকল ৷ চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ সোণাৰি গাঁও পঞ্চায়তৰ গোৱালাপথাৰত ২০১৯-২০২০ বৰ্ষতে আবণ্টন পোৱা গৃহকেইটা আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই। গোৱালাপথাৰৰ কেইবাজনো লোকৰ সপোনৰ গৃহ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । বাসগৃহকেইটাৰ এতিয়াও ৩০% কাম বাকী আছে ৷ ঘৰকেইটাৰ ক’ৰবাত মূল প্ৰৱেশ দুৱাৰকেইখনেই নাই ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ৪নং ৱাৰ্ডৰ আয়ুক্ত বুবুল ওৰাঙে গৃহ আবণ্টন পোৱা সুকুমনী মুণ্ডা, কঠাল মুণ্ডা, বিপুল মুণ্ডা, যমুনা মুণ্ডা, তুলসী মুণ্ডা আৰু ৮৫ বছৰীয়া বৃদ্ধ টিকং গোৱালাৰ বেংকৰ পাছবুক, গৃহ আবণ্টনৰ নথি, বেংকৰ নথি-পত্ৰ আদি আজিলৈকে ওভতাই নিদিয়াৰ অভিযোগ উত্থাপন কৰে হিতাধিকাৰীয়ে।২০১৯-২০‌ বিত্তীয় বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰকেইটা বুবুল ওৰাঙে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল। এতিয়া ৮৫ বছৰীয়া বৃদ্ধ টিকং গোৱালাৰ সপোনৰ গৃহত থকাৰ সপোন সপোনেই হৈ ৰ’ব নে এই প্ৰতিবেদনৰ পাছত বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ  ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া লক্ষণীয় হ’ব ।

প্ৰেৰক আব্দুল জাব্বাৰ

Featured