বানাক্ৰান্তৰ মাজত খাদ্য যোগান জয়পুৰ উন্নয়ন খণ্ডৰ

🎯 সাংবাদিকেও আগবঢ়ালে সহায়ৰ হাত

বিশেষ বার্তা, ৪ জুলাই : মানুহে মানুহৰ বাবে আপ্ত বাক্য শাৰীক সাৰোগত কৰি নাহৰকটীয়া অঞ্চলৰ বানবিধস্ত লোকসকলক সহায় কৰাৰ উদ্দেশ্যে ৰে আজি আগবাঢ়ি আহে অঞ্চলৰ কেইবাগৰাকীও চৰকাৰী কৰ্মচাৰী, সচেতন যুৱক আৰু সাংবাদিক। সেই মহান উদ্দেশ্যেৰে আজি জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈ, সহকাৰী অভিযন্তা নিৰঞ্জন বৰুৱা আৰু উন্নয়ন খণ্ডটোৰ সচিব, অভিযন্তাসহ বিষয়া-কৰ্মচাৰীসকলে নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পানীবুৰা এল পি স্কুলত আশ্ৰয় গ্ৰহণ কৰা প্ৰায় দুশটা পৰিয়ালক দুপৰীয়া এসাঁজ খাদ্য যোগান ধৰা লগতে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। ইয়াৰ উপৰিও অসমীয়া প্ৰতিদিন কাকতৰ নাহৰকটীয়াৰ সাংবাদিক উৎপল চলিহা, আব্দুল ৰাজ্জাক, নামৰূপৰ সাংবাদিক কল্পদ্বীপ মোহন, অইল কৰ্মচাৰী চুকাফা টাইৰাই, জয়পুৰ উন্নয়ন খণ্ডৰ অভিযন্তা ঋতুপল গোঁহাই, গাণনিক বিষয়া ৰাজশ্ৰী গগৈ, ব্যৱসায়ী সত্যৰঞ্জন দে, পংকজ বকটীয়াল আৰু সঞ্জয় হাজৰিকাই চাচনী আমগুৰি সতী সাধনী প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰা চাচনী ভৰলুৱা গাওঁৰ ৫০টা পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শুকান খাদ্য বিতৰণ কৰে। ব্যক্তিকেইগৰাকীৰ এই বদান্যতাক স্বাভাৱিকতে শলাগ লৈছে বানাক্ৰান্ত লোকসকলে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

Featured