পশ্চিম মাজিকুছিৰ সমাজকৰ্মী জানিৰাম ডেকালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

নিয়মীয়া বাৰ্তা,  ২৪ ফেব্ৰুৱাৰী : ওদালগুৰি জিলাৰ পশ্চিম মাজিকুছি জগন্নাথ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত জানিৰাম ডেকালৈ আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । শ্ৰীশ্ৰী জগন্নাথ, ফুলগুৰি আৰু বুঢ়া গোসাঁই দেৱালয়ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জনী বসুমতাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ত্ৰি দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক নেতৃস্থানীয় লোক উপস্থিত থাকে । প্ৰয়াত ডেকাৰ আদ্যশ্ৰাদ্ধৰ দিনটোত জগন্নাথ-চুতীয়াপাৰাৰ বাসগৃহত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লৈ অঞ্চলটোৰ বিশিষ্ট নাগৰিক তথা গাঁওপ্ৰধান কৰুণা কান্ত ৰাভাই প্ৰয়াত ডেকাৰ সামাজিক অৰিহণাৰ কথা উল্লেখ কৰে। আশীৰ দশকত শৰণীয়া কছাৰী জনগোষ্ঠীক নেতৃত্ব দি জাতীয় সমস্যাক লৈ তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি জ্ঞানী জেইল সিং, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পি কে থুংগুনকো সাক্ষাৎ কৰিছিল প্ৰয়াত জানিৰাম ডেকাই। অঞ্চলটোৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী জগন্নাথ, ফুলগুৰি আৰু বুঢ়া গোসাঁই দেৱালয়ৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত প্ৰয়াত ডেকা পশ্চিম মাজিকুছি জগন্নাথ মধ্য ইংৰাজী বিদ্যালয় আৰু পশ্চিম মাজিকুছি জগন্নাথ হাইস্কুলৰ প্ৰতিষ্ঠা কালৰো আছিল এজন অন্যতম কাণ্ডাৰী ।

প্ৰেৰক ধীৰেন মহলীয়া

Featured