ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ ছুইমিঙত বঙাইগাঁৱৰ জেছমিনৰ ৩টা ৰূপ, ১টা ব্ৰঞ্জৰ পদক

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰ :  ১৯সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ ছুইমিং চেম্পিয়নশ্বিপত বঙাইগাঁৱৰ জেছমিন খাতুনে ৩টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কৰ্ণাটক ছুইমিং এছোচিয়েচনৰ উদ্যোগত য়েম্মেকেৰে ছুইমিং পুলত ২৪ৰ পৰা ২৬ নৱেম্বৰলৈ অনুষ্ঠিত ১৯সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ ছুইমিং চেম্পিয়নশ্বিপত মহিলাৰ গ্ৰুপ ‘ডি’ শাখাত অংশগ্ৰহণ কৰি জেছমিন খাতুনে ক্ৰমে ৫০ মিটাৰ আৰু ১০০ মিটাৰ ব্ৰেষ্টট্ৰোক প্ৰতিযোগিতাত এটাকৈ ৰূপৰ পদক লাভ কৰাৰ উপৰি ৫০ মিটাৰ আৰু ১০০ মিটাৰ ফ্ৰী ষ্টাইলত ক্ৰমে ব্ৰঞ্জ আৰু ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। বঙাইগাঁওস্থিত বঙাইগাঁও হাইস্কুল (ইংলিছ মিডিয়াম)ৰ শিক্ষয়িত্ৰী জেছমিন খাতুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাত সৰ্বমুঠ ৪টা পদক লাভৰ খবৰত বৃহত্তৰ বঙাইগাঁওবাসী ৰাইজৰ লগতে ক্ৰীড়া সংগঠক আৰু ক্ৰীড়াপ্ৰেমীসকল উৎফুল্লিত হৈ পৰে।

প্ৰেৰক বিপুল কুমাৰ দাস

Featured