ধুবুৰীত ‘জোৱান’ৰ অনুৰাগীৰ হেতা-ওপৰা

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ ধুবুৰীৰ ৰাজপথত দেখা গ’ল আজি এক অভূতপূৰ্ব দৃশ্য।  ব’লীউড অভিনেতা শ্বাহৰুখ খানৰ আজি মুক্তি পোৱা চিনেমা “জোৱান” চাবলৈ ৰাজপথেৰে ‘শ্বাহৰুখ খান” জিন্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি হাতত চিনেমাখনৰ বেনাৰ লৈ ধুবুৰীৰ চহৰৰ নুনীয়াপট্টীস্থ ছৱিগৃহ “বিষ্ণু ট’কিজ”লৈ সমদল কৰি উপস্থিত হোৱা দেখা যায় চুপাৰষ্টাৰগৰাকীৰ একাংশ অনুৰাগীয়ে। আনকি চুপাৰ হিট হোৱাৰ কামনাৰে সেই যুৱক-যুৱতীসকলে চিনেমাখনৰ বেনাৰত গাখীৰো ঢালে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured