উদ্যোগ–বাণিজ্য বিভাগত পূৰণ কৰা হ’ব খালী পদঃ বিমল বৰা

নিয়মীয়া বাৰ্তা, ১৯জুনঃ  ৰাজ্যত শিক্ষিত নিবনুৱা যুৱক–যুৱতীক আশাৰ খবৰ দিলে উদ্যোগ–বাণিজ্য বিভাগৰ মন্ত্রী বিমল বৰাই৷ মন্ত্রীগৰাকীৰ ঘোষণা– উদ্যোগ–বাণিজ্য বিভাগত খালী হৈ থকা পদসমূহ শীঘ্রে পূৰণ কৰা হ’ব৷

উল্লেখ্য যে মন্ত্রী বৰাই গুৱাহাটীৰ বামুণীমৈদামস্থিত উদ্যোগ–বাণিজ্য বিভাগৰ আয়ুক্তৰ কার্যালয়ত উপস্থিত হৈ এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰে৷ বিভাগটোৰ বিভিন্ন গুৰুত্বপূর্ণ দিশ সন্দর্ভত বিষয়া–কর্মচাৰীৰ সৈতে আলোচনা কৰাৰ লগতে খালী পদ পূৰণৰ ক্ষেত্রতো বিষয়াসকলৰ মতামত গ্রহণ কৰে৷ এই বৈঠকৰ পাছতে মন্ত্রীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে বিভাগটোত কর্মৰত এক্সটেনচন অফিচাৰসকলক দীর্ঘদিন পাছত পদোন্নতি দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ৮৫জন এনে কর্মচাৰী   সহকাৰী প্রবন্ধক আৰু ছুপাৰভাইজৰ হিচাপে পদোন্নতি দিয়া হৈছে৷

তদুপৰি বিভাগটো তৃতীয়বর্গ আৰু চতুর্থবর্গৰ খালী পদসমূহ পূৰণৰ বাবে ৰিক্রুইটমেণ্ট কমিটীলৈ প্রেৰণ কৰা হৈছে৷ বিভাগটোৰ ১,২০০টা পদ আছে৷ বর্তমান ৫০০ পদহে পূৰণ হৈছে আৰু এইসংখ্যক কর্মচাৰীৰে বিভাগটো চলি আছে৷ গতিকে বিভাগটোক শক্তিশালী কৰিবলৈ খালী পদসমূহ শীঘ্রে পূৰণ কৰা হ’ব৷ উদ্যোগমন্ত্রীগৰাকীয়ে আজি বিভাগটোৰ অন্তর্গত এ আই ডি চি, এ আই আই ডি চি আৰু এ এছ আই ডি চিৰ কাম–কাজসমূহো পর্যালোচনা কৰে৷ এই পর্যালোচনা বৈঠকত বিভাগটোৰ সচিব এছ লক্ষ্মণন, নীৰা দাওলাগাপু, আয়ুক্ত ঐনাম শৰণ কুমাৰ সিঙকে ধৰি অন্যান্য বিষয়াসকল উপস্থিত আছিল৷