জোনাইৰ শিৱগুৰিত জটিল ৰূপ ধাৰণ বান পৰিস্থিতিৰ

🎯 তিনি দিনে বানৰ মাজত আবদ্ধ সমগ্ৰ অঞ্চল

🎯 জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত SDRFৰ উদ্ধাৰ অভিযান অব্যাহত

🎯 আশ্ৰয় শিবিৰত থকাৰ ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ জোনাইৰ শিৱগুৰিত জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতি৷ চিয়াং,দিবাং আৰু দতুং নদীৰ বাঢ়নী পানীত জলমগ্ন শিৱগুৰি৷ জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই পানীত আবদ্ধ হৈ থকা ৩৯গৰাকী লোকক সক্ষম হৈছে উদ্ধাৰ কৰিবলৈ৷ জানিব পৰা মতে জোনাইৰ বাহিৰ চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত শিৱগুৰীত যোৱা কেইবাদিনো দি থকা নেৰানেপেৰা বৰষুণৰ ফলত চিয়াং, দিবাং আৰু দতুং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে সমগ্ৰ শিৱগুৰি অঞ্চল৷ ফলত শিৱগুৰিৰ কেউপিনে মাথো পানী আৰু পানী৷ যোৱা দুই-তিনিদিনে শিৱগুৰি অঞ্চলৰ বানাক্ৰান্ত ৰাইজে বানৰ মাজত আৱদ্ধ হৈ থকাত আশ্ৰয়, খাদ্য ,খোৱা পানীৰ অভাৱত সৃষ্টি হৈছে হাহাকাৰ৷ চিয়াং,দিবাং আৰু দতুং নদীৰ বাঢ়নী পানীত সম্পূৰ্ণৰূপে বুৰ গৈছে মানুহৰ ঘৰবাৰী, কৃষিভূমি, বাটপথ আদি৷ মানুহৰ সমান্তৰালকৈ বাসস্থান,খাদ্যৰ অভাৱত হাহাকাৰ পশুধনৰ মাজতো৷ শনিবাৰে জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত চিয়াং নদীৰ প্ৰবল ঢৌক নেউচি SDRF, মণ্ডল, পশু চিকিৎসক, সাংবাদিকৰ এটা দলে ৬খন ৰবৰ বুটেৰে শিৱগুৰীলৈ বিপদ সংকুলভাৱে ৰাওনা হৈ বানত আবদ্ধ হৈ থকা ৰাইজক চলাই উদ্ধাৰ অভিযান৷ ইয়াৰে শিশু, মহিলা, বৃদ্ধ আদি কৰি ৩৯গৰাকী লোকক উদ্ধাৰ কৰি অৰুণাচলৰ তাৰতামা নদী পাৰ কৰি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অস্থায়ীভাবে স্থাপন কৰা বান শিবিৰলৈ আনি ৰখা হৈছে বুলি জানিব পৰা গৈছে৷

প্ৰেৰক কৰবী দলে