কলাইগাঁও প্ৰগতিশীল জনমঞ্চত বিষ্ণু ৰাভাক স্মৰণ 

নিয়মীয়া বাৰ্তা, ২১ জুন : কলাইগাঁৱৰ প্ৰগতিশীল জনমঞ্চত কালি তিনি সংগঠনে দিনজোৰা কাৰ্যসূচীৰে শিল্পী, সৈনিক বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰে। শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভা, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ ওদালগুৰি জিলা সমিতি আৰু বিষ্ণু-জ্যোতি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰে। কলাইগাঁও প্ৰগতিশীল জনমঞ্চত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫সংখ্যক মৃত্যুতিথিত বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত মুকলি সভা আৰু বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে লোক-সংস্কৃতিৰ গৱেষক তথা শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সভাপতি তৰুণ আজাদ ডেকাই। মুকলি সভাত অংশগ্ৰহণ কৰি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ উপ-সভাপতি বিনোদন খনালে কয় যে বহুমুখী প্ৰতিভাৰ আকৰ বিৰল ব্যক্তিত্বৰ অধিকাৰী বিষ্ণুপ্ৰসাদ ৰাভা এটি নাম নহয়, বিশাল সংস্থা আৰু নক্ষত্ৰ। ভাষণ প্ৰসংগত মুখ্য অতিথিগৰাকীয়ে লগতে উল্লেখ কৰে যে বিষ্ণুপ্ৰসাদ ৰাভাক আমি যি ধৰণে জানিব লাগিছিল, সেই ধৰণে জানিবলৈ নোৱাৰিলোঁ। জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা আৰু বিষ্ণুপ্ৰসাদ ৰাভা নাথাকিলে হয়তো অসমৰ জাতীয় জীৱনৰ কলা, সাহিত্য, সংস্কৃতি বহু পিছপৰি থাকিলহেঁতেন। বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কে চৰকাৰৰ বহুখিনি কৰণীয় আছে বুলি উল্লেখ কৰি মুখ্য অতিথিগৰাকীয়ে লগতে ‘ক’ শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয়লৈকে কলাগুৰুৰ প্ৰতিটো সৃষ্টি পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিব লাগে বুলিও দাবী জনায়। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি কৃষ্ণকান্ত বড়োৱে উদ্বোধন কৰা মুকলি সভা উদ্বোধন কৰি বড়োই বিষ্ণুপ্ৰসাদ ৰাভা আধুনিক অসমৰ এগৰাকী অন্যতম ৰূপকাৰ বুলি অভিহিত কৰে। অসমৰ আগশাৰীৰ দৈনিক বাতৰি কাকত ‘নিয়মীয়া বাৰ্তা’ৰ উপ-সম্পাদক প্ৰদীপ গগৈয়ে মুকলি সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত সাৱলীলভাৱে উপস্থাপন কৰি এক সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। গগৈয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰাসংগিকতা আৰু অৱদানৰ ওপৰতো ভাষণ প্ৰদান কৰে। মুকলি সভাত নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট নাট্যশিল্পী তথা সমাজকৰ্মী মাধৱ ৰাভাই ভাষণ প্ৰদান কৰাৰ বিপৰীতে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি বিশিষ্ট সমাজকৰ্মী বাবুল চন্দ্ৰ বড়ো, টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ঘনকান্ত ডেকা আৰু কন্ঠশিল্পী কাবেৰী ৰাভাই সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন দৰ্শন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি বক্তব্য প্ৰদান কৰে। মুকলি সভাৰ সভাপতি তথা সাংস্কৃতিক কৰ্মী, লোক-সংস্কৃতিৰ গৱেষক তৰুণ আজাদ ডেকাই সভাপতিৰ ভাষণত বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত ভাষণ প্ৰদান কৰি আমি কাক লৈ গৌৰৱ কৰিম আৰু কাৰ আদৰ্শ গ্ৰহণ কৰিম বুলিও কয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ আজিলৈকে মূল্যায়ন নোহোৱাত ডেকাই গভীৰ আক্ষেপ প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে পুৱা ৮.৩০ বজাত শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভা, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসম আৰু বিষ্ণু-জ্যোতি সাংস্কৃতিক গোষ্ঠীৰ পতাকা উত্তোলন কৰে ক্ৰমে তৰুণ আজাদ ডেকা, কৃষ্ণকান্ত বড়ো আৰু পুষ্প হাজৰিকাই। ৯ বজাত স্মৃতি বেদী উন্মোচন কৰে বিশিষ্ট শিল্পী ভদ্ৰকান্ত নাথে। মাল্যাৰ্পণ কৰে নেচনেল পায়’নিয়াৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বংকিম বৰুৱাই। মুখ্য তৰ্পক ৰূপে অংশগ্ৰহণ কৰে ওদালগুৰি জিলা লেখিকা সমাৰোহৰ সভানেত্ৰী বিনু ডেকাই।। ৯.৩০ বজাত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰেমানন্দ বড়া, মহেশ্বৰ বড়োই। ১০ বজাত বিষ্ণু ৰাভাৰ গীতৰ আধাৰত অনুষ্ঠিত হয় নৃত্য প্ৰতিযোগিতা। বিশিষ্ট শিল্পী মিঠু বড়ো আৰু শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সম্পাদক ভবেন হাজৰিকাই আঁত ধৰি সভাখন সুন্দৰভাৱে পৰিচালিত কৰে।
প্ৰেৰক বাপন শৰ্মা
Featured