কামাখ্যা কৰিড’ৰে শুকুৱাই পেলাব মন্দিৰৰ ভূগর্ভৰ জলধাৰ !

🔹 বহুপ্রত্যাশিত কৰিড’ৰক লৈ হাইক’ৰ্টত প্রত্যাহ্বান
🔹 কেন্দ্রীয় চৰকাৰ-পুৰাতত্ত্ব বিভাগলৈ উচ্চ ন্যায়ালয়ৰ জাননী জাৰি

বিশেষ বাৰ্তা, ২৩ মে’ : আইনী মেৰপেঁচত সোমাই পৰিছে শক্তিপীঠ কামাখ্যাত নির্মাণ হ’বলগীয়া বহুপ্রত্যাশিত কৰিড’ৰ প্রকল্প৷ কেন্দ্রীয় চৰকাৰৰ পৃষ্ঠপোষকতাত নির্মাণ হ’বলগীয়া পাঁচ তৰপীয়া কামাখ্যা কৰিড’ৰ প্রকল্পক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছে গোচৰ৷ এই সন্দর্ভত দাখিল কৰা এখন লেখ আবেদনৰ কালি শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ, ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ, নির্মাণকাৰী প্রতিষ্ঠানলৈ জাননী জাৰি কৰিছে৷ অহা ৩ জুনত গোচৰটোৰ পৰৱর্তী শুনানি অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে মূলতঃ দুটা বিশেষ বিষয়ত গুৰুত্ব আৰোপ কৰি কামাখ্যা কৰিড’ৰ প্রকল্পক উচ্চ ন্যায়ালয়ত প্রত্যাহ্বান জনোৱা হৈছে৷ অভিলাষী প্রকল্পটো নির্মাণৰ ফলত মূল মন্দিৰৰ গর্ভগৃহত থকা ভূগর্ভস্থ জলধাৰ শুকাই যাব বুলি শংকা প্রকাশ কৰা হৈছে৷ কিয়নো ৫ তৰপীয়া প্রকল্প নির্মাণৰ সময়ত নীলাচল পাহাৰৰ লগতে মন্দিৰৰ আশে–পাশে বিভিন্ন স্থানত খনন কার্য চলোৱা হ’ব৷ এনে খননৰ পূর্বে এতিয়ালৈ কোনোধৰণৰ ‘হাইড্র’লজিকেল’ পৰীক্ষা কৰা হোৱা নাই৷ সেয়েহে এনেধৰণৰ গভীৰ খনন কার্যই মন্দিৰৰ গর্ভগৃহৰ ভূগর্ভস্থ জলধাৰ শুকাই পেলোৱাৰ আশংকা আবেদনখনত ব্যক্ত কৰা হৈছে৷ সমান্তৰালভাৱে পুৰাতাত্ত্বিক স্থানসমূহ সংৰক্ষণৰ বাবে কেন্দ্র আৰু ৰাজ্যৰ পৃথক পৃথক দুখন আইন আছে যদিও এখনো আইনৰ অধীনত কামাখ্যা মন্দিৰ সংৰক্ষিত এলেকা নহয়৷ এই বিষয়টো আবেদনখনৰ জৰিয়তে উচ্চ ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰা হৈছে৷ প্রসংগক্রমে উল্লেখ্য যে যোৱা ৪ ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মা কামাখ্যা দিব্যলোক পৰিযোজনাৰ আধাৰশিলা স্থাপন কৰে৷ এল এণ্ড টি নামৰ এটা প্রতিষ্ঠানক প্রকল্পটো নির্মাণৰ দায়িত্ব অর্পণ কৰা হৈছে৷ অভিলাষী কামাখ্যা কৰিড’ৰ প্রকল্পৰ নির্মাণ ব্যয় হৈছে ৪৯৮ কোটি৷

Featured