কাৰ্বি আংলঙৰ বকলীয়াঘাট ৰূকাছেন মহাবিদ্যালয়ত তীব্ৰ প্ৰতিবাদ

🔹 দেশ জোকাৰি যোৱা পশ্চিমবংগৰ ডাঃ মৌমিতা দেৱনাথৰ ধৰ্ষণ-হত্যাকাণ্ড

বিশেষ বাৰ্তা, ২০ আগষ্ট : দেশ জোকাৰি গৈছে পশ্চিমবংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত নাৰকীয় ঘটনাই।‌ চিকিৎসালয়তে কৰ্তব্যৰত চিকিৎসক ডাঃ মৌমিতা দেৱনাথক ধৰ্ষণ কৰি হত্যা কৰা ঘটনা চৌদিশে বিয়পি পৰাৰ লগে লগে এনে জঘন্য আৰু নাৰকীয় ঘটনাক ধিক্কাৰৰ জোৱাৰ উঠিছে সমগ্ৰ দেশত । দেশৰ প্ৰান্তে প্ৰান্তে হৈছে তীব্ৰতৰ প্ৰতিবাদ। অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী । কাৰ্বি আংলঙৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বকলীয়াঘাট ৰূকাছেন মহাবিদ্যালয়তো আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজি বকলীয়াঘাট ৰূকাছেন মহাবিদ্যালয়ৰ ৱমেন চেল, ষ্টুডেন্টছ ইউনিয়ন আৰু এন এছ এছ ইউনিটৰ উদ্যোগত এই কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মহিলা চিকিৎসকক অমানৱীয় নিৰ্যাতন-হত্যাকাণ্ডৰ বিৰুদ্ধে গৰজি উঠিছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰুসকল। হাতে হাতে প্লে-কাৰ্ড লৈ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ন্যায়িক তদন্ত আৰু দোষীক উচিত শাস্তিৰ দাবীত বকলীয়াঘাট ৰূকাছেন মহাবিদ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে । লগতে ঘটনাত জড়িত দোষীসকলক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাই দোষীৰ হৈ যুক্তি দৰ্শাবলৈ যাতে কোনো উকীলে গোচৰত অৱতীৰ্ণ নহয়, তাকো স্পষ্ট কৰি দিয়ে ।

প্ৰেৰক ৰাজু কাঠাৰ

Featured