- বৈঠালাংছʼত বানপানীৰ কবলত নৈপৰীয়া ৰাইজ
- কাৰ্বি লাংপি নদীৰ দাঁতি-কাষৰীয়া ১০খনকৈ গাওঁ জলমগ্ন
নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাত যোৱা দুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি লাংপি নদীৰ জলপৃষ্ঠ আজি পুৱাৰ পৰা ক্ৰমাৎ বাঢ়িবলৈ ধৰে । বিশেষকৈ পাহাৰীয়া জিলা খনৰ দুৰ্গম এলেকাত একেৰাহে প্ৰৱল বৰষুণ হোৱাৰ ফলত কাৰ্বি লাংপি নদীৰ ওপৰত থকা একমাত্ৰ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ নদীবান্ধৰ চাৰিখন কৈ শ্লুইচ গেট প্ৰকল্প কৰ্তৃপক্ষই খুলি দিবলৈ বাধ্য হয় । ইয়াৰ পৰিণতিত আজি পুৱাৰ পৰা নদীৰ দাঁতি কাষৰীয়া প্ৰায় ১০ খন গাওঁ প্লাৱিত হৈছে । ইফালে বৈঠালাংছʼ সমীপৰ বৰছালি অঞ্চললৈ যোৱা অন্যতম বৈঠালাংছʼ – বৰছালি সংযোগী পথৰ ওপৰেদি পানী বাগৰাৰ ফলত উক্ত পথেৰে যোগাযোগ সম্পূৰ্ণ ব্যাহত হৈ পৰে ।
বৈঠালাংছʼৰ পৰা হেমন্ত কুমাৰ