ভৱানীপুৰৰ কাটলা গাঁৱত বৌৱেকে কাটিলে দেওৰেকৰ গুপ্তাংগ

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰ : ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কাটলা গাঁৱত বৌৱেকে দেওৰেকৰ গুপ্তাংগ কাটি পেলোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হয়। ঘটনাটো সংঘটিত হয় আজি পুৱতিনিশা। অভিযোগ অনুসৰি বৌৱেক আৰু দেওৰেকৰ অবৈধ প্ৰেমৰ পৰিণতিতেই এই ধৰনৰ ভয়ংকৰ ঘটনা সংঘটিত হয়। কাটলা গাঁৱৰ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ছাইফুল ইছলাম (৩২) নামৰ যুৱকজনৰ নিজৰ বৌৱেকৰ স’তে আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক। ছাইফুলৰ কাকয়েক আপছাৰ আলীয়ে গুৱাহাটীত শ্ৰমিকৰূপে থকাৰ সুযোগ লৈয়েই আপছাৰ আলীৰ পত্নী তিনিটা সন্তানৰ মাতৃ বৌৱেকৰ স’তে ছাইফুলে চলাই আছিল অবৈধ প্ৰেম। ইয়াকে লৈ ঘৰখনত দীৰ্ঘদিন ধৰি চলি আছিল সংঘাত। সম্প্ৰতি বৌৱেকে দেওৰেকৰ স’তে থকা অবৈধ প্ৰেম প্ৰত্যাখান কৰি কিছুদিন পূৰ্বে দেওৰেক ছাইফুল ইছলামক আন কোনো ছোৱালীক বিবাহ কৰোৱাৰ প্ৰস্তাব দিছিল বৌৱেকে। বৌৱেকৰ প্ৰস্তাৱত অমান্তি হৈ আছিল দেওৰেক ছাইফুল ইছলাম। ছাইফুল ইছলামে বৌৱেকৰ স’তে অবৈধ প্ৰেম চলাই থাকিবলৈ বিচাৰিছিল। উল্লেখ্য যে আজি পুৱতিনিশা ছাইফুলে বৌৱেকৰ স’তে পুনৰ অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ বিচৰাত বৌৱেকে নিজৰ শোৱনি কোঠাৰ ভিতৰতেই এখন দাৰে দেওৰেক ছাইফুল ইছলামৰ গুপ্তাংগ কাটি পেলায়। ছাইফুল ইছলাম নামৰ যুবকজনক অতি সংকটজনক অবস্থাত গুৱাহাটী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনা সংঘটিত কৰা মহিলাগৰাকীক আজি কাটলাৰ নিজৰ গৃহৰ পৰা ভৱানীপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে মহিলাগৰাকীয়ে দেওৰেক ছাইফুলৰ গুপ্তাংগ কটা কাৰ্যত ব্যৱহাৰ কৰা দাখন। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক ভূষণ তালুকদাৰ

Featured