পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙাৰ বাগৰিৰ পৰা ৰঞ্জিত ৰজক, ১ অক্টোবৰঃ দেশী-বিদেশী পৰ্য্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। প্ৰতিবছৰে ২ অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনাখন কাজিৰঙা মুকলি কৰা হৈছিল যদিও এইবাৰ এদিন পূৰ্বেই ৰাষ্ট্ৰীয় উদ্যানখন পয্যটকৰ বাবে মুকলি কৰি দিয়া হয়। দুৰ্গোৎসবৰ বতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ বিশেষকৈ পশ্চিম বংগৰ পৰা পয্যটকৰ সোঁত বয়।ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি পহিলা অক্টোবৰৰ দিনা এক উখল-মাখল পৰিবেশৰ মাজত ৰাষ্ট্ৰীয় উদ্যানখন ২০২৪-২৫ পয্যটন বৰ্ষৰ বাবে মুকলি কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত পুৱাই পৰ্যটকৰ ভিৰৰ মাজতে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্তৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে দ্বাৰ মুকলি কৰা হয় উদ্যানখনৰ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড° সোণালী ঘোষ, বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিঘ্নেশকে আদি কৰি বনবিষয়া-কৰ্মীসকল উপস্থিতিত মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে বাগৰি বনাঞ্চলত ফিটা কাটি আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰে। দ্বাৰ মুকলি অনুষ্ঠানৰ পাছতে মন্ত্ৰী-সাংসদসহ বিশিষ্ট অতিথিসকল খোলা জীপছিত উঠি বাগৰি বনাঞ্চলৰ প্ৰৱেশদ্বাৰেৰে ডোঙা বনশিৱিৰ পৰ্যন্ত ছাফাৰি কৰে৷ উল্লেখযোগ্য যে ডোঙা বন শিবিৰৰ পয্যটন পথত দুটাকৈ প্ৰকাণ্ড গঁড় য়ে বাট আগুচি ধৰে সাংসদ, মন্ত্ৰী যোৱা জীপছী খনক।সন্মুখত এশিঙীয়া দেখি শিহৰিত হৈ পৰে সাংসদ আৰু তিনিওগৰাকী কেবিনেট মন্ত্রী।অৱশ্যে কিছুসময়ৰ পাছতে পথৰ পৰা আঁতৰি যায় গঁড় দুটা।ইয়াৰ পাছতে বাগৰিত বন বিভাগৰ এটি ইক’ শ্ব’প মুকলি কৰাৰ লগতে গ্ৰন্থ উন্মোচন কৰা হয়৷ উল্লেখযোগ্য যে এই ইক’ চ’প ত বাঁহেৰে নিৰ্মিত থলুৱা সামগ্ৰী আৰু অসমৰ জাতি-জনগোষ্ঠীৰ থলুৱা বস্ত্ৰ পোৱা যাব।দেশী বিদেশী পয্যটকে এই সামগ্ৰী সমূহ ক্ৰয় কৰি লৈ যাব পাৰিব। আনহাতে এই বিপনীৰ পৰা আৰ্হিত পুঁজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ কল্যাণৰ বাবে ব্যয় কৰা হব বুলি সঞ্চালক ডঃ সোণালী ঘোষ য়ে জানিবলৈ দিয়ে।কাজিৰঙাৰ দ্বাৰ মুকলি অনুষ্ঠানতে ইণ্ডিয়ান অইল কোম্পানীৰ তৰফৰ পৰা এখন টয়তা হিলাক্স বাহন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক প্ৰদান কৰে৷এই বাহন খন এতিয়াৰে পৰা ৰেচকিউ বাহন হিচাপে বন বিভাগে ব্যৱহাৰ কৰিব।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি সাংসদ কামাখ্যা তাছাই কয় যে বিগত বৰ্ষত পয্যটনৰ ক্ষেত্ৰত বনবিভাগে যি অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল এইবাৰ সেই অভিলেখ ভংগ কৰি পয্যটকৰ আগমনৰ ক্ষেত্ৰত আন এক নতুন অভিলেখ গঢ়িব বিভাগটোৱে।মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, আৰু কেশৱ মহন্তই ও এইবাৰ পয্যটকৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পয্যটন উদ্যোগটোৰ উন্নয়নৰ বাবে ন ন আঁচনি ৰূপায়ণ কৰাৰ বাবেই আজি এনে সম্ভৱ হোৱা বুলি জানিবলৈ দিয়ে।এইবাৰ পয্যটকৰ বাবে নৌকা চাফাৰীৰ ব্যৱস্থা থাকিব বুলি বন মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।অহা পহিলা নৱেম্বৰৰ পৰা উদ্যানখনত হাতী চাফাৰী মুকলি কৰা হব। ইফালে, কাজিৰঙাৰ দ্বাৰ মুকলি অনুষ্ঠানৰ পূৰ্বে কঁহৰাত ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা জীপ-ছাফাৰি সন্থাৰ কাৰ্যালয় আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়৷ কাৰ্যালয় মুকলি অনুষ্ঠানত স্থানীয় তথা কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, কৃষিমন্ত্ৰী অতুল বৰা, বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি তথা সমাজকৰ্মী দেৱপ্ৰদীপ বৰা আদি উপস্থিত থাকে৷ ইফালে সমান্তৰালভাৱে বাগৰি জীপ চাফাৰী সন্থাৰ কাৰ্যালয় ২০২৪-২৫ বৰ্ষৰ বাবে মুকলি কৰে মন্ত্ৰী কেশৱ মহন্তই। আনহাতে আজি প্ৰথমটো দিনতেই জীপ ছাফাৰীৰ জৰিয়তে প্ৰায় ৩০০ পৰ্য্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে।

Featured