নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কেশৱ মহন্তৰ

নতুন দিল্লী, ৭ ছেপ্টেম্বৰ : ষ্ট্ৰোক আক্ৰান্তৰ বাবে ক্ষিপ্ৰতাৰে চিকিৎসা সেৱা সুনিশ্চিত কৰাবলৈ বিশ্বযোৰা সহযোগিতা গঢ়াৰ দিশত প্ৰয়াসৰত ‘ৱৰ্ল্ড ষ্ট্ৰোক অৰ্গেনাইজেন’ (ডব্লিউ এছ অ’)ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত আৰম্ভ হৈছে ‘থাৰ্ড গ্লোবেল ষ্ট্ৰোক এলায়েন্স ২০২৩’। পূৱ দিল্লীৰ লীলা এমবিয়েন্স কনভেনশ্বন হোটেলত আয়োজিত ষ্ট্ৰোক ৰোগ সম্পৰ্কীয় এই মহত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনৰ আজি প্ৰথম দিনাৰ মন্ত্ৰীস্তৰীয় বৈঠকত অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তয়ো আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰে। ডব্লিউ এছ অ’ৰ সভানেত্ৰী ড০ শ্বেইলা মাৰ্টিনছ আৰু নৱনিৰ্বাচিত সভাপতি ড০ জেয়াৰাজ পাণ্ডিয়ানৰ সঞ্চালনাত অনুষ্ঠিত ‘গ্লোবেল ষ্ট্ৰোক মিনিষ্টেৰিয়েল মীটিং’ শীৰ্ষক প্ৰথম দিনাৰ এই বৈঠকত পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী বলৰাজ সিংৰ উপৰি ভাৰত, ব্ৰাজিল, স্পেইন, চুইজাৰলেণ্ড, চেক্ ৰিপাব্লিক, ইণ্ডোনেছিয়া, থাইলেণ্ড, শ্ৰীলংকা, ম্যানমাৰ, বাংলাদেশ, নেপাল, ভূটান, মালদ্বীপ আদি বিভিন্ন দেশৰ আগশাৰীৰ ষ্ট্ৰোক ৰোগৰ বিশেষজ্ঞ-গৱেষক, স্বাস্থ্য মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়া তথা নীতি-নিৰ্ধাৰক, ‘ইণ্ডিয়ান কাউন্সিল অব্ মেডিকেল ৰিচাৰ্ছ’ (আইচিএমআৰ)ৰ শীৰ্ষ কাৰ্যবাহী, বহুকেইখন দেশ তথা ৰাজ্যৰ স্বাস্থ্যসেৱা কাৰ্যবাহী, স্বাস্থ্যখণ্ডৰে জৰিত উদ্যোগী আৰু স্বাস্থ্যসেৱা সংস্থাৰ প্ৰতিনিধিয়ে এই উচ্চস্তৰীয় গোলকীয় ষ্ট্ৰোক সন্মিলনত অংশগ্ৰহণ কৰিছে। আজি পুৱাৰ ভাগত হোৱা গ্লোবেল ষ্ট্ৰোক এলায়েনছৰ উদ্বোধনী অনুষ্ঠানত পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী সিং, ডব্লিউ এছ অ’ৰ বিদায়ী আৰু নৱনিৰ্বাচিত সভাপতিদ্বয় ড০ মাৰ্টিনছ আৰু ড০ পাণ্ডিয়ানৰ সৈতে অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৱৰ্ল্ড ষ্ট্ৰোক অৰ্গেনাইজেনৰ ‘ষ্ট্ৰোক চেণ্টাৰ্ছ চাৰ্টিফিকেচন প্ৰ’গ্ৰাম’ শীৰ্ষক ষ্ট্ৰোক চিকিৎসা কেন্দ্ৰৰ গুণগত মান প্ৰমাণীকৰণৰ বিশ্বস্তৰীয় শৈক্ষিক কাৰ্যসূচী যৌথ ভাৱে উদ্বোধন কৰে। তদুপৰি, এই আন্তঃৰাষ্ট্ৰীয় ষ্ট্ৰোক সন্মিলনতে ‘গ্লোবেল ডিক্লেৰেছন অন ষ্ট্ৰোক’ শীৰ্ষক মহত্বপূৰ্ণ ষ্ট্ৰোক ৰোগৰ চিকিৎসা বিষয়ক গোলকীয় সহযোগিতাৰ দিল্লী ঘোষণাপত্ৰতো স্বাক্ষৰ কৰে স্বাস্থ্যমন্ত্ৰী মহন্তই। এই গোলকীয় ষ্ট্ৰোক সন্মিলনত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে জিএমচিএইচৰ ‘কাৰ্ডিঅ’থুৰাচিক এণ্ড নিউৰ’ছায়েন্সেজ চেণ্টাৰ’ (চিএন চেণ্টাৰ)ৰ সঞ্চালক ডাঃ বসন্ত বৈশ্যয়ো  অংশগ্ৰহণ কৰিছে।
Featured