কাৰাগাৰৰ পৰা নিৰ্বাচন খেলি বিজয়ী খালীস্তানী সমৰ্থক অমৃতপল সিং

বিশেষ বাৰ্তা, ৪ জুনঃ অৱশেষত কাৰাগাৰৰ পৰাই দেশৰ সংসদীয় নিৰ্বাচনত অংশ গ্ৰহণ কৰি বিজয় সুনিশ্চিত হোৱাত দেশজোৰা ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। খালিস্তানী সমৰ্থক তথা ৱাৰিছ পঞ্জাব দেৰ নেতা অমৃতপল সিং, লোকসভা নিৰ্বাচনত নিৰ্দলীয় হিচাপে জয়ী হৈছে। পঞ্জাৱত গ্ৰেপ্তাৰ হোৱাৰ পিছত ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ পাঞ্জাৱৰ খাদুৰ চাহাব সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি নিকটতম প্ৰতিদন্দী জাতীয় কংগ্ৰেছৰ কুলবীৰ সিং জীৰাক প্ৰায় দুই লাখ ভোটৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হয়।বাতৰি লিখা পৰলৈ অমৃতপলে ৪০৪৪৩০টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ কুলবীৰ সিঙে ২০৭৩১০টা ভোট লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী ৱাৰিছ পঞ্জাৱ ডিৰ মুৰব্বী অমৃতপল সিঙে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব লোৱাৰ বাতৰিয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত যথেষ্ট চৰ্চা লাভ কৰিছিল। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত ডিব্ৰুগড়ত কাৰাৰুদ্ধ হৈ থকা বন্দীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদন্দিতা কৰাৰ ঘটনাক লৈ দেশজুৰি ব্যাপক চাঞ্চল্যৰ আৰু সকলোৱে উৎসুক হৈ পৰিছিল। ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিয়েই ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপল সিঙে পাঞ্জাৱৰ খাদুৰ চাহাব সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা বাবে নিজৰ মনোনয়ন দাখিল কৰিছিল। জিলা ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত অধিবক্তা আৰু আত্মীয়ই দাখিল কৰা এই মনোনয়ন পত্ৰ অনুসৰি কিমান সম্পত্তি বা ধনৰ গৰাকী অমিতপালৰ। প্ৰকৃত পৰিচয় কি অমিতপালৰ। ৱাৰিছ পঞ্জাৱ দে নেতাৰ অধিবক্তা হৰজোৎ সিং, তেওঁৰ আত্মীয় সুখচৈন সিংকে ধৰি আন পাঁচজন লোকে তেওঁৰ হৈ খাদুৰ চাহাবৰ জিলা ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত যোৱা ১১ মে’ত মনোনয়ন দাখিল কৰে। উল্লেখ্য যে খালিস্তানী সমৰ্থক তথা ৱাৰিছ পঞ্জাব দেৰ নেতা অমৃতপল সিঙক পঞ্জাৱত গ্ৰেপ্তাৰ হোৱাৰ পিছত ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে।কাৰাগাৰত তেওঁৰ লগত আছে পাপলপ্ৰীত সিং, দলজীত সিং কালসী, কুলৱন্ত সিং ধলিৱাল, বৰিন্দৰ সিং জোহল, গুৰমীত সিং ভূখনৱালা, হৰজিৎ সিং, বসন্ত সিং, গুৰিন্দৰ সিং আউজলা আৰু ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী বাজেকেকে ধৰি তেওঁৰ ৯ জন ঘনিষ্ঠ সহায়ক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অভিযোগ থকা আৰু হিংসাক উচটনি দিয়া, হত্যাৰ চেষ্টা, আৰক্ষী কৰ্মীক আক্ৰমণৰ পৰা আৰম্ভ কৰি আইন শৃংখলাত ব্যাঘাত জন্মোৱাকে আদি কৰি অন্যান্য বিভিন্ন অপৰাধমূলক অপৰাধৰ বাবে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অমিত পালক লৈ ইতিমধ্যে ভাৰতীয় ৰাজনীতিত যথেষ্ট চৰ্চিত ব্যক্তি হৈ পৰিছে।

প্ৰেৰক বিভাস দুৱৰা

Featured