খেল মহাৰণৰ জৰিয়তে গাঁৱৰ খেলুৱৈয়ে নতুন প্লেটফৰ্ম পাব : হিমা দাস

নিয়মীয়া বাৰ্তা,  ১ অক্টোবৰ : “ৰাজ্য চৰকাৰে খেল মহাৰণ পাতি গাঁৱৰ প্ৰতিভাক উলিয়াই অনাৰ যি প্ৰচেষ্টা গ্ৰহণ কৰিছে, সেয়া সঁচাকৈ ভাল কাম কৰিছে। এতিয়া গাঁৱৰ খেলুৱৈসকল ওলাই আহিব। গাঁৱত আমাতকৈও ভাল ভাল খেলুৱৈ আছে, কিন্তু তেওঁলোকে উপযুক্ত প্লেটফৰ্ম পোৱা নাই। খেল মহাৰণৰ জৰিয়তে তেওঁলোকে এতিয়া সেই সুবিধা পাব আৰু দেশৰ নাম উজলাব পাৰিব।”- এই মন্তব্য ধিং এক্সপ্ৰেছ অসম-গৌৰৱ হিমা দাসৰ৷ আজি পাঠশালাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি হিমা দাসে উক্ত মন্তব্য কৰে। সাংবাদিকৰে হোৱা বাৰ্তালাপত নিজৰ প্ৰদৰ্শন সম্পৰ্কত কয় যে তেওঁ কিছু পৰিমাণে অসুস্থ হৈ থকাৰ বাবে বৰ্তমান জিৰণি লৈছে৷

প্ৰেৰক কল্যাণ কলিতা

Featured