আনে যোৱা বাটে নোযোৱা জোনাইৰ ছোৱালীজনী…

🔹 Sociologyত 1st Class খুচী এতিয়া আন এশগৰাকীৰ বাবে আদৰ্শস্বৰূপ
নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ : আনে যোৱা বাটে নোযোৱা এজনী ছোৱালী! Sociologyত 1st Class জোনাইৰ এগৰাকী যুৱতীৰ সুকীয়া জীৱনশৈলী। নাম তেওঁৰ খুচী দে’। জোনাই তাকিৰ গাঁৱৰ নিবাসী খুচী এতিয়া হৈ পৰিছে সকলোৰে আদৰ্শ। যি সময়ত একাংশ শিক্ষিত যুৱক অথবা যুৱতীয়ে পুৱাৰ পৰা গধূলিলৈ মোবাইলত Reels, Instagram, facebook, whatsappত সময় পাৰ কৰি আছে, তেনে সময়তে খুচীয়ে দেখুৱাইছে এক সুন্দৰ নিদৰ্শন। শালিকী পুৱাতে বিছনা এৰি খুচীয়ে ঘৰৰ সকলো কাম সামৰি স্কুটীখন লৈ ওলায় যায় জোনাইৰ বিভিন্ন অঞ্চলৰ গাঁৱে-ভূঞে থকা দোকানবোৰলৈ। পিঠিত এখন বেগ আৰু দুটি মোনাৰ ভাৰ লৈ দুচকুত অযুত সপোন লৈ   দোকানে দোকানে বয়-বস্তু বিক্ৰী কৰে তেওঁ। ২০২০ চনৰে পৰা পঢ়া-শুনাৰ সমান্তৰালকৈ তেওঁ কৰি গৈছে এই ব্যৱসায়। দিনটোত উপাৰ্জন কৰা টকাৰে পৰিয়াল পোহপাল দিয়াৰ সমান্তৰালকৈ তেওঁ উলিয়াইছে নিজৰ পঢ়াৰ খৰচৰ লগতে অন্যান্য খৰচো। ইমানখিনি কৰ্মব্যস্ততাৰ মাজতো খুচীয়ে ২০২২-২৩ বৰ্ষৰ জ’নাই বালিকা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদিকাৰ দায়িত্বও পালন কৰিছিল। পঢ়া-শুনাৰ সমান্তৰালকৈ খুচীয়ে ভাল পায় সংগীতো। ইতিমধ্যে খুচীয়ে জ’নাই বালিকা মহাবিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিভাগত ৬৮ শতাংশ নম্বৰেৰে প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হৈছে। চাকৰিৰ বাবে বিশেষ আশা নকৰা খুচীয়ে ব্যৱসায়ৰ জৰিয়তে সময় দিব বিচাৰে পৰিয়ালক। অৱশ্যে প্ৰথমাৱস্থাত তেওঁ এই ব্যৱসায়ত বহু সমস্যাৰ সন্মুখীন হৈছিল আৰু বহুতেই ইতিকিঙো কৰিছিল। কিন্তু তেওঁ আনৰ কথাক লৈ অলপো থমকি ৰোৱা নাছিল। কৰ্মক লৈ সৰু-বৰ অথবা কাৰোবাৰ হিংসা, প্ৰশংসাক লৈ বহি নাথাকি পুৰুষৰ সমানে সমানে যুৱতীসকলকো ওলাই আহি আত্মপ্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনালে জোনাইৰ এইগৰাকী মেধাৱী ছাত্ৰী খুচী দে’ই।

 

প্ৰেৰক কৰবী দলে

Featured