কাছাৰত ৰাষ্ট্ৰীয় পথত ভয়ংকৰ পথ দুৰ্ঘটনাত স্কুলীয়া শিক্ষাৰ্থীৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰ : কাছাৰৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ গুমৰা এলেকাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী স্কুলীয়া ছাত্ৰীয়ে। প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি শিলচৰৰ দিশত অহা চিলিন্ডাৰ বোজাই এখন ট্ৰাকে খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱায় স্কুলীয়া ছাত্ৰী ছাহানিয়া পাৰভিন বৰভূঞাই। ওচৰৰে খেলমা সপ্তম খণ্ডত ছাত্ৰীজনীৰ ঘৰ। দুৰ্ঘটনাৰ পিছত গুমৰা অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় প্ৰশাসনৰ বিষয়াকে ধৰি স্থানীয় প্ৰতিনিধিয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱৰোধ মুকলি কৰিবলৈ বহু চেষ্টা কৰে যদিও বহু সময়লৈকে সক্ষম হোৱা নাই। অৱৰোধকাৰীসকলে স্পষ্ট কৰি দিয়ে যে মৃত ছাত্ৰীগৰাকী যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে অৱৰোধ প্ৰত্যাহাৰ কৰা নহ’ব। অৱশ্যে তিনি ঘণ্টাৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথৰ অৱৰোধ মুকলি কৰা হয়।

প্ৰেৰক গৌতম তালুকদাৰ

Featured