কেৰালাৰ পৰা কেএলঅ’ৰ সদস্যক আটক ফকিৰাগ্ৰাম আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ কেএলঅ’ৰ সেনাধ্যক্ষ জীৱন সিংহ শান্তি আলোচনাৰ বাবে মূলসুঁতিলৈ ঘুৰি অহাৰ পিছত চৰকাৰে শান্তি আলোচনা অনুষ্ঠিত নকৰাত পুনৰ সক্ৰিয় হৈ পৰিছে কেএলঅ’। ইতিমধ্যে ধন দাবীৰ গোচৰত কেইবাজনক সন্দেহজনকভাবে আটক কৰিছে। ঠিক তেনেদৰে কোকৰাঝাৰৰ ফকিৰাগ্ৰাম আৰক্ষীয়ে কেৰালাৰ পৰা মমেন ৰায় (২৫) নামৰ আন এজন কেএলঅৰ সদস্য আটক কৰি ফকিৰাগ্ৰামলৈ লৈ আহে। প্ৰাপ্ত বাতৰি অনুসৰি ফকিৰাগ্ৰাম থানাৰ অধীনৰ যদুমনি গাঁৱৰ নৰেন ৰায়ৰ পুত্ৰ মমেন ৰায়ে কেৰালাত কৰ্মসুত্ৰে থাকি কেএলঅ’ক সহায় কৰি আছিল বাবে ফকিৰাগ্ৰাম আৰক্ষীয়ে লোকেশন ট্ৰেক কৰি কেৰেলাৰ পৰা আটক কৰে। আজি আটক কৰা কেএলঅ’ৰ সদস্যজন কোকৰাঝাৰ আদালতত হাজিৰ কৰে। উল্লেখ্য যে শক্তিআশ্ৰমৰ ধনদাবীৰ দৰে ঘটনাতো জৰিত আছিল বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে।

প্ৰেৰক কৃষ্ণ বৰ্মন

Featured