নাগাৰা নামেৰে কুকুৰমাৰাৰ সাগৰিকা দাসে বুটলিছে সমাদৰ

🎯পঢ়ি আছে অষ্টম শ্ৰেণীত

🎯দ্বিতীয় শ্ৰেণীৰ পৰাই পিতৃ-মাতৃয়ে গুৰুত্ব দিছিল সাগৰিকাক

নিয়মীয়া বাৰ্তা, ২৪ জুন : সাগৰিকা দাস। দক্ষিণ কামৰূপৰ কুকুৰমাৰা গাঁৱৰ যাদৱ দাস আৰু জয়া দাসৰ কন্যা সাগৰিকা দাস বৰ্তমান কুকুৰমাৰা ৰোহিনী কুমাৰ চৌধুৰী হাইস্কুলৰ অষ্টম এগৰাকী নিয়মীয়া ছাত্ৰী। সাগৰিকা দাস সৰুৰ পৰাই মানে দ্বিতীয় শ্ৰেণীৰ পৰাই গীত মাতত বৰ মনযোগ দি অহা হেতুকে মাক-দেউতাকে তেওঁৰ প্ৰতিভা বিকাশত গুৰুত্ব দিছিল। সেয়ে পোন-প্ৰথমে মাকৰ প্ৰচেষ্টাত এটা নাগাৰা নামৰ দল গঠন হয়। দলটিৰ নাম “কুকুৰমাৰা কলহী পৰীয়া ছোৱালী নাগাৰা নাম দল”। ২০১৯ চনৰ পৰা সাগৰিকা দাসক এই নাম দলটিৰ পাঠক হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এই নাগাৰা নাম দলটিয়ে বৰ্তমান অসমৰ নাগাৰা নামৰ জনপ্ৰিয় কামৰূপ, দৰং, নলবাৰী, বৰপেটা, নগাঁও আৰু গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত নাগাৰা নাম পৰিবেশন কৰি হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ আশীৰ্বাদ আৰু বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। নাগাৰা নামৰ লগতে সাগৰিকা দাসে সঙ্গীত বিদ্যালয়ত নামভৰ্ত্তি কৰি স্বৰ সাধনাৰ প্ৰথম বাৰ্ষিকীৰ এগৰাকী ছাত্রী হিচাপে অধ্যয়নৰত। সাগৰিকা দাসৰ বিহু নাচতো ৰুচি; ইয়াৰোপৰি সাগৰিকা দাসে অন্য গীত-মাততো মনোনিৱেশ কৰে। ভূপেন্দ্ৰ সঙ্গীত, ৰাভা সঙ্গীত, জ্যোতি সঙ্গীত, আধুনিক গীত, লোকগীত, বৰগীত এইবোৰতো চৰ্চা অব্যাহত ৰাখিছে। দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত উল্লেখিত সঙ্গীত সমূহৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বটা বুতলিবলৈ সক্ষম হৈছে। সদৌ কামৰূপ জিলা শিক্ষাখণ্ডৰ ‘জ্ঞানম’ অনুষ্ঠানৰ ২০২২-২৩ বৰ্ষৰ বিষ্ণু ৰাভা সঙ্গীত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অসম চৰকাৰে আয়োজন কৰা সাংস্কৃতিক মহাসংগ্ৰামত অংশ গ্ৰহণ কৰি বিষ্ণু ৰাভা সঙ্গীতত সাগৰিকা দাসে দ্বিতীয় পৰ্যায়লৈ অগ্ৰগতি লাভ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ “চেমনীয়া চৰা” অনুষ্ঠানৰ জৰিয়তে সাগৰিকা দাসৰ কণ্ঠত আধুনিক গীত আৰু গোৱালপৰীয়া লোকগীতৰ সম্প্ৰচাৰ হৈছে। ইয়াৰ বাহিৰেও নৃত্য আৰু নাটকত সাগৰিকা দাসৰ বহুত আগ্ৰহ দেখা যায়। সাগৰিকা দাস সদৌ অসম নাগাৰা নাম সংঘৰ এগৰাকী সক্ৰিয় সদস্যা আৰু দক্ষিণ কামৰূপ নাগাৰা নাম সংঘৰ বৰ্তমান সমিতিৰ সাংস্কৃতিক বিভাগৰ সম্পাদিকা হিচাপে জড়িত হৈ আছে। সাগৰিকা দাসৰ পিতৃ যাদৱ দাস নাগাৰা নামৰ এজন জনপ্ৰিয় পাঠক আৰু মাতৃ জয়া দাসো এগৰাকী নাগাৰা নামৰ মহিলা পাঠক। সাগৰিকা দাসৰ দুজন ককায়েক (দাদা) আছে। ডাঙৰজন দিব্যজ্যোতি দাস এজন ভাল নাগাৰা বাদক। সৰুজন ঈশান্ত দাস এজন ভাল ভোৰতাল বাদক। গোটেই পৰিয়ালটোৰ প্ৰত্যেকগৰাকী সদসই শিল্পী। সাগৰিকা দাস আৰু তেওঁলোকৰ পৰিয়ালটো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নাম পৰিবেশন কৰি ভক্তপ্ৰাণ ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰেৰক ভগৱান দাস

Featured