সততা–নিষ্ঠাৰে কাম কৰি গৈছোঁ, মূল্যায়ন ৰাইজৰ

অৱসৰৰ পূর্বে তেজপুৰত আৱেগিক হৈ পৰিল মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ

নিয়মীয়াবার্তা,২৮ অক্টোবৰঃ চাকৰি জীৱনৰ পৰা বিদায় লোৱাৰ প্রাক্ক্ষণত পুৰণি স্মৃতি বিজড়িত স্থানবোৰ যেন ভ্রমণ কৰি নষ্টালজিক হৈ পৰিছে অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ৷ তেজপুৰত ত্রিশ বছৰ পূর্বে যৌৱনৰ কর্মোদ্দীপ্ত সময় অতিবাহিত কৰা কর্মক্ষেত্রৰ প্রতিটো বস্তুৱেই যেন স্মৃতিকাতৰ কৰি তুলিলে আমোলাগৰাকীক ৷ নিজে বসবাস কৰা অগ্নিগড়ৰ উপায়ুক্ত বাংলোটো, ব্রহ্মপুত্রৰ পাৰৰ আৱর্ত ভৱনৰ পুৰণি গৃহটো অথবা উপায়ুক্তৰ কার্যালয়টোলৈকে সকলোবোৰ আকৌ এবাৰ পৰিদর্শন কৰি যেন আৱেগিক হৈ পৰিল কুমাৰ সঞ্জয় কৃষ্ণ ৷ কাৰণ তেওঁ প্রথমবাৰৰ বাবে উপায়ুক্তৰ দৰে গুৰুত্বপূর্ণ দায়িত্বভাৰ গ্রহণ কৰিছিল শোণিতপুৰ জিলাত ৷ সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত গুৰুত্বপূর্ণ মন্তব্য কৰে ৰাজ্য চৰকাৰৰ শীর্ষতম আমোলাগৰাকীয়ে ৷ ত্রিশ বছৰ পূর্বে উপায়ুক্ত হিচাপে শোণিতপুৰত কার্যনির্বাহ কৰাৰ সময়ত তেওঁ কৰা কেতবোৰ প্রচেষ্টাৰ সন্দর্ভত সংক্ষেপে উল্লেখ কৰি নষ্টালজিক হৈ পৰে৷

অনাগত দিনত লিখা–মেলা কৰাৰ কথাও তেওঁ অৱগত কৰে৷ আহি থকা সময়ছোৱাত ৰাজনীতিৰ পথাৰখনত জড়িত হ’ব নেকি বুলি জানিবলৈ বিচৰাত তেওঁ তেনে কথা চিন্তা কৰা নাই আৰু ভবা নাই বুলি মন্তব্য কৰে৷ আন্তৰিকতা, সততা, নিষ্ঠা আৰু কঠোৰ পৰিশ্রমেৰে কাম কৰিলে সফলতা লাভ কৰিব পাৰি বুলি মুখ্য সচিবগৰাকীয়ে মন্তব্য কৰি এই মূল মন্ত্রৰেই উঠি অহা প্রজন্মক আগবাঢ়ি যাবলৈ আহ্বান জনায়৷

সুদীর্ঘ ৩২ বছৰীয়া চাকৰি জীৱনত বিভিন্ন বিভাগীয় বিষয়বোৰক গুৰুত্ব সহকাৰে লৈ তেওঁ কার্যনির্বাহ কৰি আহিছিল যদিও কিমান সফল আৰু বিফল হ’ল, ইয়াৰ মূল্যাংকন ৰাইজে কৰিব বুলি কৈ জীৱনত মিঠা আৰু তিতা দুয়োটা অভিজ্ঞতাই লাভ কৰা হয় বুলি উল্লেখ কৰি দুয়োটা অভিজ্ঞতাই জীৱনত প্রয়োজন বুলি মন্তব্য কৰে৷ প্রসংগক্রমে প্রাকৃতিক সম্পদেৰে চহকী অসমৰ অর্থনীতিৰ বুনিয়াদ সুদৃঢ় কৰাৰ প্রচুৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি বহু চর্চিত ‘পূবলৈ চোৱা নীতি’য়ে অসমকে ধৰি সমগ্র উত্তৰ–পূর্বাঞ্চলৰ অর্থনৈতিক বিকাশত গুৰুত্ব লাভ কৰিব বুলি মন্তব্য কৰে শীর্ষতম আমোলা–বিষয়া কুমাৰ সঞ্জয় কৃষ্ণই৷