ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত পাঠশালাৰ কুমুদ কলিতা

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ বজালীৰ লগতে সমগ্ৰ ৰাজ্যৰ শিক্ষাজগতলৈ আহিছে এক সুখবৰ৷ বজালী সদৰ শিক্ষানগৰী পাঠশালাস্থিত ‘পাঠশালা ছিনিয়’ৰ ছেকেণ্ডাৰী স্কুল’ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয় শিক্ষক কুমুদ কলিতা নিৰ্বাচিত হৈছে ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে৷ অহা ৫ ছেপ্তেম্বৰত শিক্ষক দিৱসৰ উপলক্ষ্যত দেশৰ ৰাজধানী নতুন দিল্লীৰ বিজ্ঞান ভৱনত শিক্ষক কুমুদ কলিতাক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে চলিত বৰ্ষৰ এই সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব৷ আজি এই সুখবৰ লাভ কৰাৰ পিছতে বজালীৰ বিভিন্ন দল- সংগঠন তথা ব্যক্তিয়ে আনন্দ প্ৰকাশ কৰি কলিতাক শুভেচ্ছা জ্ঞাপন কৰে৷ উল্লেখ্য যে কৃতি শিক্ষক কুমুদ কলিতাৰ সমগ্ৰ অসমতে আছে আন এক পৰিচয়৷ বজালী জিলাৰ পাঠশালা নিৱাসী কুমুদ কলিতা এগৰাকী শিক্ষক হিচাবে পৰিচিত হোৱাৰ উপৰিও ২০০৫ চনত স্থাপন কৰা এখন বিশেষ বিদ্যালয়ৰ যোগেদি সমাজলৈ কলিতাই আগবঢ়াই আহিছে প্ৰভূত বৰঙণি। পাঠশালা ‘তপোবন’ নামৰ এক আৱাসিক অনুষ্ঠানৰ জৰিয়তে কলিতাই দিব্যাংগ শিশু-কিশোৰকে ধৰি সমাজৰ অৱহেলিত শিশু সকলক খুব আত্মীয়তাৰে প্ৰতিপালন কৰি আহিছে। থকা-খোৱাৰ সু-ব্যৱস্থাৰে শিশু-কিশোৰসকলক শিক্ষাৰ লগতে শিশুৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বিভিন্ন কাৰ্যসূচী তপোবনে গ্ৰহণ কৰি আহিছে। ইতিমধ্যে কলিতাৰ তত্বাবধানত তপোবনৰ কেবাটিও দিব্যাংগ শিক্ষাৰ্থীয়ে সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উতীৰ্ণ হোৱাৰ লগতে আন কেইগৰাকীমান দিবাংগৰ বিভিন্ন আদ্যৱন্ত অনুষ্ঠানত সংগীত পৰিবেশন কৰি তপোবনক জনমানসত উজলাই তুলিছে৷ আনহাতে সমগ্ৰ বজালীতে মানৱদৰদী ব্যক্তি হিচাপে সুপৰিচিত সমাজৰ পৰা বহু সময়ত অবহেলিত দিব্যাংগ শিশু সকলৰ আৱাসিক শিক্ষানুষ্ঠান পাঠশালা তপোবন আৰু ষ্টুডেণ্টচ ওৱেলফেয়াৰ মিছনৰ সঞ্চালক কুমুদ কলিতাক বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানে তেওঁৰ কৃতকাৰ্যৰ স্বীকৃতি দিয়াৰ লগতে এইবৰ্ষৰ যোৱা ২৫ মাৰ্চত দিল্লী কমিচন ফ’ৰ প্ৰ’টেকচন অৱ চাইল্ড ৰাইটচৰ তৰফৰ পৰা এক অতি সন্মানীয় ৰাষ্ট্ৰীয় বঁটা “চিলড্ৰেণছ চেম্পিয়ন এৱাৰ্ড” মতুন দিল্লীত আনুষ্ঠানিকভাৱে প্ৰদান কৰে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পি এছ নৰসিমহা আৰু উৰিষ্যা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ড৹ এছ মুৰলীধৰে৷

প্ৰেৰক কল্যাণ কলিতা

Featured