লাচিত দ্য ৱাৰিয়ৰলৈ ৰাজস্থান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেচন ছবিৰ বঁটা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ আন এক ভাল খবৰ। অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক (প্ৰশাসন) পাৰ্থসাৰথি মহন্তৰ ৰচনা আৰু পৰিচালিত ‘লাচিত দ্য ৱাৰিয়ৰ’-এ দশম ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেচন ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াকে ধৰি ২২খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই চুটি ছবিখন প্ৰদৰ্শিত হৈছে। ছবিখনৰ প্ৰযোজক মিনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱা। কণ্ঠ ড° অমৰজ্যোতি চৌধুৰী আৰু ছবিখনৰ সৃষ্টিশীল পৰিচালক অনুপম মহন্ত।

Featured